
ৰাসত নৃত্য কৰা নহ’ল মাম্পীৰ, যাত্ৰাপথতে তীব্ৰবেগী ডাম্পাৰে অকালতে কাঢ়ি নিলে প্ৰাণ
November 19, 2021এক শােকাৱহ ঘটনা।
এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী কলেজীয়া ছাত্ৰীৰ।
নিশা ৰাস মহােৎসৱত নৃত্য কৰাৰ উদ্দেশ্য পিতৃৰ সৈতে স্কুটীত উঠি ৰাস উৎসৱ থলীলৈ যাত্ৰা কৰাৰ পথতে এখন তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই নিহত কৰিলে নগাঁও জিলাৰ কামপুৰৰ মাম্পী বৰাক।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ ওচৰৰ তেঁতেলীসৰাত ৰাসত নাচিবলৈ পিতৃৰ মিণ্টু বৰাই নিজ কন্যা মাম্পী বৰাক লগত লৈ এ এছ-০২-ইপি-৩৬৩৫ নম্বৰৰ এখন স্কুটীৰে যাত্ৰা কৰাৰ পথতে এখন ডাম্পাৰে খুন্দা মাৰে।
ঘটনাত ছাত্ৰীগৰাকী থিতাতে মৃত্যু হয়।
ঘটনাটোত ছাত্ৰীগৰাকীৰ পিতৃ মিণ্টু বৰা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হয়।

মাম্পী বৰা কামপুৰ মাধৱ কন্দলি জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল আৰু তেওঁৰ ঘৰ কামপুৰ মহগৰিয়াআটীত বুলি জানিব পৰা গৈছে।
ইফালে ঘটনা সংঘটিত কৰি দ্ৰুতবেগে ডাম্পাৰখন চলাই পলায়ন কৰে চালকে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
