নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ জনকৈ যুৱকৰ।
এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আটাইকেইজন যুৱকক হেৰুৱাই শােকত ম্ৰিয়মান সহকৰ্মী।
উল্লেখ্য যে কালি ৰাস চাই উভতি অহাৰ পথতে নলবাৰীৰ বানেকুছিত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এ এছ ০১ বি জি ৫৯৯৫ নম্বৰৰ আৰ্টিগা বাহনখনত উঠি হাউলীত ৰাস চাই পুৱতি নিশা উভতি অহাৰ পথত বানেকুছিৰ বুঢ়াদিয়া নৈৰ দলঙৰ পকী ৰেলিঙত প্রচণ্ড জোৰে খুন্দিয়াই চূর্ণ-বিচূর্ণ হৈ পৰে বাহনখন।
এই দুৰ্ঘটনাত মৃত্যু ঘটে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বাটৰহাট স্থিত লাইফ চেভ হস্পিটেল নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ৫ কৰ্মচাৰীয়ে।

এই চিকিৎসালয়খনত কৰ্মৰত আছিল দুৰ্ঘটনাত মৃত্যু ঘটা তামুলপুৰৰ কেকেৰিকুছি গাঁৱৰ উৎপল শালৈ আৰু প্ৰণৱ শালৈ, মঙলদৈৰ বানেকুছি গাঁৱৰ অজিত চলিহা, সোণাপুৰৰ শংকৰ দাস, হাজোৰ দলৈতোলাৰ জায়েদুৰ ৰহমান।
জানিব পৰা মতে, এই চিকিৎসালয়ত কৰ্মৰত আঠজনীয়া যুৱকৰ দল এটা এ এছ ০১ বি জি ৫৯৯৫ নম্বৰৰ আৰ্টিগা বাহনখন ভাড়া লৈ হাউলীলৈ গৈছিল ৰাস চাবলৈ।

এই দুৰ্ঘটনাত নিহত ৫ সহকৰ্মীক শ্ৰদ্ধাঞ্জলি জনায় ‘লাইফ চেভ হাস্পতাল’ৰ কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীসকলে।

লগতে মৃতক যুৱককেইজনৰ আত্মাৰ সদগতি কামনা কৰি তেওঁলােকৰ শােক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।