অগাধ সম্পত্তিৰ গৰাকী বহু পদপথৰ ব্যৱসায়ী! আয়কৰ বিভাগৰ হাতত কােটিপতিৰ তালিকা

নিউজ ডেস্ক। সাধাৰণতে পদপথত ফুচকা, চানা আদি বিক্ৰী কৰা লোকসকলক দৰিদ্ৰ শ্ৰেণী বুলিয়েই ধৰা হয়। যিয়ে এদিন নিজৰ ক্ষুদ্ৰ ব্যৱসায় নচলালে পৰিয়ালৰ পেট নভৰে বুলি কয়।

কিন্তু সঁচাই তেনেকুৱা হয় জানো। আপোনাক যদি কওঁ যে তেনে ধৰণৰ ব্যৱসায়ী কোটিপতি। আপুনি বিশ্বাস কৰিবনে? নিশ্চয় নকৰিব।

কিন্তু আপুনি বিশ্বাস নকৰিলেও উপায় নাই। আপোনাৰ ধাৰণা ভুল। তেনে লোক কোটিপতি। হয় কোটিপতি।

শেহতীয়াকৈ তেনে লোকৰ ওপৰত চকু পৰিছে আয়কৰ বিভাগৰ।

আয়কৰ বিভাগে চলোৱা তেনে অভিযানত সেই কথা পোহৰলৈ আহিছে। যত পদপথত ফুচকা, চানা, চিঙৰা বিক্ৰী কৰা ব্যৱসায়ী কোটিপতি হিচাপে প্ৰমাণিত হৈছে।

বিভাগৰ তদন্তত পােহৰলৈ আহিল বহু কােটিপতি পদপথৰ ব্যৱসায়ীৰ তথ্য। নিশ্চয়কৈ ই আচৰ্য্যজনক কথা। উত্তৰ প্ৰদেশৰ কানপুৰৰ আয়কৰ বিভাগে কৰা অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য।

আয়কৰ বিভাগৰ তথ্য অনুসৰি, পথৰ কাষৰ ফাষ্টফুড আৰু আন খোৱা সামগ্ৰী বিক্ৰী কৰা ২৫৬ জন লোক কোটিপতি বুলি জানিব পৰা গৈছে। পান, চিঙৰা আৰু চহৰখনৰ চাট বিক্ৰেতাসকল কোটিপতি বুলি জানিব পৰা গৈছে।

আমোদজনক ভাৱে, ক্ষুদ্ৰ গাড়ীত খাদ্য বিক্ৰেতা হিচাপে কাম কৰা লোকসকলৰ প্ৰতিজন ব্যক্তিৰ তিনিখনতকৈ অধিক গাড়ী থকা দেখা গৈছে।

ডাটা ছফ্টৱেৰ আৰু অন্যান্য কাৰিকৰী সঁজুলিৰ সহায়ত কৰা জৰীপত ধৰা পৰা আটাইতকৈ আচৰিত কথাটো হ’ল যে এই ধনী লোকসকলে আয়কৰৰ নামত বৃহৎ কৰ পৰিশোধ নকৰে বা জিএছটিৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।

খবৰ অনুসৰি, সেই সকলৰ এজনে দুবছৰত ১০ কোটি টকাৰ অধিক মূল্যৰ তিনিটা সম্পত্তি ক্ৰয় কৰিছে।

আৰ্যনগৰৰ দুখন পান দোকানৰ মালিকে আৰু বিৰহানা ৰোডৰ দুখন দোকানৰ মালিকে কভিডৰ সময়ছোৱাত ৫ কোটি টকাৰ সম্পত্তি ক্ৰয় কৰিছে।

আনহাতে, বিৰহানা ৰোড, মল ৰোডৰ চাট বিক্ৰেতাসকলে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত যথেষ্ট পৰিমাণৰ টকা বিনিয়োগ কৰিছে।

Leave a Comment