অঘটন! অৱতৰণৰ সময়ত বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমানে!

নিউজ ডেস্ক। অৱতৰণৰ সময়ত অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাডা আন্তৰ্জাতিক বিমানবন্দৰ বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে। কিন্তু সৌভাগ্যক্ৰমে বৰ বিশেষ ক্ষতি নহল বিমান খনৰ। সুৰক্ষিত থাকিল বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ লগতে বিমান কৰ্মীসকল।

এই কথা জানিবলৈ দিয়ে বিমানবন্দৰটোৰ সঞ্চালক জে মধুসূদন ৰাওৱে।

শনিবাৰে কাটাৰৰ দ’হাৰ পৰা বিজয়ৱাডা হৈ তামিলনাডুৰ তিৰুচিৰাপাল্লিলৈ বুলি আহিছিল বিমানখন। মুঠ যাত্ৰীৰ ১৯ গৰাকী বিজয়ৱাডাত নমাৰ লগতে বাকী ৪৫ যাত্ৰী আহিছিল তিৰুচিৰাপাল্লিলৈ। কিন্তু বিজয়ৱাডাত অৱতৰণ কৰোতেই ঘটিল এই অঘটনটো।

পুৱা ১০:৩০ বজাত দ’হাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বিমানখনে।

বিমানখনৰ সোঁ ফালৰ পাখিয়ে খুন্দা মাৰে বিদ্যুতৰ খুঁটাত আৰু লগে লগেই খুঁটাটো বাগৰি পৰে। সামান্য পৰিমাণে বিমানখনৰ পাখিটো ক্ষতিগ্ৰস্ত হয়। ভাৰতীয় সময় অনুসৰি ১৬:৫৪ বজাত এই ঘটনা সংঘটিত হয়।

কেনেকৈ এই ঘটনা সংঘটিত হ’ল, সেই বিষয়ে বিস্তৃতভাৱে বৰ্তমানেও জানিব পৰা হোৱা নাই। সঞ্চালক জে মধুসূদন ৰাওৱে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

বিমানখনৰ এজন যাত্ৰীয়ে জনোৱা অনুসৰি, দ’হাত উৰণৰ সময়ত বিমানখনে এবাৰ জঁপিয়াইছিল। তেতিয়া চালকে কোনো চিন্তা কৰিব নালাগে বুলি সকলোকে জনাইছিল।

Leave a Comment