অনলাইন আইফোনৰ অৰ্ডাৰ দি প্ৰৱঞ্চনাৰ বলি হ’ল গুৱাহাটীৰ মহিলা!

নিউজ ডেস্ক। মানুহৰ ব্যস্ততা যিমানেই বৃদ্ধি পাইছে, সিমানেই বৃদ্ধি পাইছে ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ চাহিদা। বৰ্তমান সময়ত অধিকাংশ লোকেই দোকানলৈ গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাতকৈ অনলাইন যোগেই খাদ্য সামগ্ৰীৰ পৰা আন প্ৰসাধন সামগ্ৰীলৈ সকলোখিনি ক্ৰয় কৰে। কিন্তু এনে অনলাইন শ্বপিংৰ নামত গ্ৰাহক প্ৰৱঞ্চনাৰ বলি হোৱাটোও কোনো নতুন বিষয় নহয়।

শেহতীয়াকৈ এনে প্ৰৱঞ্চনাৰে বলি হল গুৱাহাটীৰ এগৰাকী মহিলা। অনলাইনযোগে এটা আই ফোনৰ অৰ্ডাৰ দি অৱশেষত আইফোনৰ খালি বাকচহে লাভ কৰে মহিলাগৰাকীয়ে।

G04

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, যোৱা ২৭ ডিচেম্বৰত তেওঁ ই-কমাৰ্চ প্লেটফৰ্ম ‘ফ্লিপকাৰ্ট’ যোগে অৰ্ডাৰ দিছিল এটা এপল আইফোন ১২ মিনিৰ। ৬৫,১৯৯ টকা মূল্যৰ আই ফোনটো ২৯ ডিচেম্বৰত তেওঁৰ আত্মীয়ৰ ঘৰত ডেলিভাৰ কৰা হয়। কিন্তু পেকেজটো খোলাৰ পিছত তেওঁ জানিব পাৰে যে ভিতৰত আই ফোন নাই। সেয়া আছিল মাত্ৰ এটা খালি আইফোনৰ বক্স।

মহিলা গৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ অফিচৰ ঠিকনাত অৰ্ডাৰটোৰ ডেলিভাৰী লোৱাত অসুবিধা হয় বাবেই তেওঁ এগৰাকী আত্মীয়ৰ ঘৰৰ ঠিকনাত আইফোনটো ডেলিভাৰী কৰিবলৈ কৈছিল। কিন্তু যেতিয়া ডেলিভাৰী বয়জনে তেওঁৰ আত্মীয়ৰ হাতত পেকেজটো প্ৰদান কৰে, তেতিয়া তাৰ ওজন দেখি ভিতৰত আইফোন নথকাৰ সন্দেহ হয়।

ভুক্তভোগী মহিলাগৰাকীয়ে কয়, “ভিতৰত আইফোন থকা পেকেজ এটাৰ ওজন যিমান হব লাগে, তাৰ তুলনাত পেকেজটো যথেষ্ট পাতল হোৱাত মোৰ আত্মীয়গৰাকীয়ে মোলৈ ফোন কৰি তেওঁৰ সন্দেহৰ কথা কয়। আনকি ডেলিভাৰী বয় জনেও পেকেটটো যথেষ্ট পাতল বুলি অনুভৱ কৰে। তেতিয়া মই মোৰ আত্মীয়ক ডেলিভাৰী বয়ৰ সন্মুখতে পেকেজটো খুলিবলৈ কওঁ আৰু প্ৰমাণৰ বাবে এটা ভিডিঅ’ বনাবলৈও কওঁ। তাৰ পিছত যেতিয়া পেকেজটো খোলা হল, ভিতৰত আইফোনৰ বাকচ এটা আছিল ঠিকেই, কিন্তু বাকচৰ ভিতৰত একো নাছিল।”

ইফালে প্ৰৱঞ্চনাৰ বলি হোৱা মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টক অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে।

অভিযোগ দাখিলৰ পিছত অনলাইন কোম্পানীটোৱে গ্ৰাহকজনৰ সৈতে ৭২ ঘণ্টাৰ ভিতৰত যোগাযোগ কৰিব বুলি জনাইছে। যদি বিষয়টো ই-ৰিটাৰ্ন পলিচীৰ ভিতৰত পৰে, তেন্তে পিকআপ সম্পূৰ্ণ হোৱাৰ ৪ দিনৰ ভিতৰত ক্ৰয় মূল্য ঘূৰাই দিয়া হব বুলিও আশ্বাস দিছে ই-কমাৰ্চ কোম্পানীটোৱে।

Leave a Comment