অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ কৰিব সাংসদ গৌৰৱ গগৈয়ে

নিউজ ডেস্ক। যোৰহাটৰ মাজমজিয়াত গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা ছাত্ৰনেতা অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ আগবঢ়াব কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈয়ে অনিমেশৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। য’ত তেওঁ অনিমেশে জীৱিত কালত নিৰ্মান কৰিব বিচৰা ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে অনিমেশ ভূঞাৰ গাঁওবাসীয়ে অনিমেশ ভূঞাৰ নামত নিৰ্মান কৰিব বিচৰা ক্ৰীড়া প্ৰকল্পৰ বাবেও সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছ সাংসদ গৰাকীয়ে।

উল্লেখ্য যে, ২০২১ৰ ২৯ ডিচেম্বৰত যোৰহাটত নিৰ্মল চাৰিআলিৰ সমীপত গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ছাত্ৰ নেতা অনিমেশ ভূঞাই। দুই বন্ধুৰ সৈতে বজাৰ কৰিবলৈ যোৱাৰ সময়তে এক সামান্য কথাত ৫০-৬০জনীয়া উদণ্ড যুৱকৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অনিমেশক।

এই ঘটনাৰ সৈতে জড়িত ১৫ জনক পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে গণ আক্ৰমণৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ আৰক্ষীৰ জিম্মাতে দুৰ্ঘটনাত মৃত্যু ঘটে।

কিছুদিন পূৰ্বে অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছিল।

লগতে চাওকঃ

শােকাৱহ! পিতৃৰ বিয়োগৰ শোকত একমাত্ৰ পুত্ৰৰো প্ৰাণত্যাগ, থানবান হ’ল এটি পৰিয়াল

Leave a Comment