অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ১৮ দিন অতিবাহিত, স্বদেশলৈ ঘূৰি যােৱাৰ পথত ২ চীনা নাগৰিক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। কােনাে বৈধ অনুমতি অবিহনে যােৱা ২৪ মে’ত নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল দুজন চীনা নাগৰিকে।‌

আনকি বিগত ১৮ দিন ধৰি বিভিন্ন ঠাই ঘূৰি ফুৰিছিল দুয়ো।

১০ জুনলৈকে উত্তৰ প্ৰদেশৰ নয়ডাত বন্ধুৰ ঘৰত থকাৰ পিছত, টেক্সিৰে সীতামাঢ়ী হৈ নেপাললৈ যাওঁতে এছএছবি জােৱানে ইণ্ডো-নেপাল সীমান্তৰ সীতামাঢ়ী জিলাত টহল দিয়াৰ সময়ত শনিবাৰে সন্ধিয়া ৭.৩০ বজাত দুয়োকে আটক কৰে।

এছএছবিয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় সীমান্ত পাৰ হৈ নেপাললৈ যাবলৈ চেষ্টা কৰি থকা দুজন নাগৰিকক সন্দেহৰ আবৰ্তত ৩০১ নম্বৰৰ সীমান্ত স্তম্ভৰ পৰা প্ৰায় ১০ মিটাৰ দূৰত ভাৰতৰ ফালৰ পৰা আটক কৰা হৈছিল।

তেওঁলোকক লু লেং (বয়স প্ৰায় ৩০ বছৰ) আৰু য়ুন হেলাং (বয়স প্ৰায় ৩৪ বছৰ) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকক বন্দী কৰাৰ পিছত ৫১ তম বেটেলিয়নৰ বিষয়াই সোধাপোচা অব্যাহত ৰাখিছে।

জেৰাৰ পৰা জানিব পৰা গৈছে যে ২৩ মে’ত দুয়োজন লোক থাইলেণ্ড হৈ কাঠমাণ্ডুলৈ আহিছিল।

২৪ মে’ত তেওঁলোকে নেপালৰ কোৰাৰ মাজেৰে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰে।

তাৰ পৰা টেক্সিৰে উত্তৰ প্ৰদেশৰ নয়ডালৈ গৈছিল, য’ত তেওঁলোকৰ বন্ধুৰ সৈতে ১০ জুনলৈকে আছিল।

তাৰ পিছত তেওঁলোক টেক্সিৰে ভিথামোদলৈ উভতি আহিল।

তাৰ পৰা, তেওঁলোকে এখন ৰিক্সাত বহি সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰিছিল।

অভিযানৰ সময়ত ভাৰতত বাস কৰাৰ বাবে কোনো অনুমোদিত নথি পত্ৰ তেওঁলোকৰ পৰা প্ৰাপ্ত কৰা হোৱা নাছিল।

একে সময়তে, তেওঁলোকৰ পৰা প্ৰাপ্ত বিভিন্ন সামগ্ৰী আৰু মোবাইল ফোন যোগাযোগৰ বিশ্লেষণৰ পৰা, এই লোকসকল বিত্তীয় প্ৰৱঞ্চনাত বা বিত্তীয় জালিয়াতি ৰেকেটত জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

জেৰা আৰু জব্দৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত উক্ত দুজন চীনা নাগৰিকক পৰৱৰ্তী পদক্ষেপৰ বাবে সুৰচান্দ আৰক্ষী থানাৰ আৰক্ষীক গতাই দিয়া হৈছে।