অভাৰব্ৰিজত ছেল্ফী ল’বলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে MBBS ৰ এগৰাকী ছাত্ৰীয়ে

নিউজ ডেস্ক। শনিবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ ইন্দোৰত।

ৰে’লৰ অভাৰব্ৰীজত ছেল্ফী ল’বলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে।

ছাত্ৰী গৰাকী বুন্দেলখণ্ড চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ এম বি বি এছৰ ছাত্ৰী আছিল।

শনিবাৰৰ দিনা ভাতৃৰ সৈতে ফুৰিবলৈ গৈ ৰে’ল অভাৰব্ৰীজত ছেল্ফী লওঁতে হঠাৎ তললৈ পৰি মৃত্যু হ’ল যুৱতী গৰাকীৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো শনিবাৰে নিশা ৮ বজাত সংঘটিত হয়। ভাতৃৰ লগত ফুৰিবলৈ গৈ এই ঘটনা সংঘটিত হয়।

মৃত যুৱতী গৰাকী চিলিকন চিটিৰ আৰ্শি (২১) বুলি জানিব পৰা যায়।

নিশা ৮ বজাত দুয়ো ৰাজেন্দ্ৰ নগৰৰ ৰে’ল অভাৰব্ৰীজ পায়। তাতে দুয়ো ৰয়। ভাতৃয়ে ওচৰৰ দোকানৰ পৰা চিপচ আনিবলৈ যাওঁতে যুৱতী গৰাকীয়ে ৰে’ল অভাৰব্ৰিজত ছেল্ফী ল’বলৈ যায়।

কিন্তু হঠাতে ছেল্ফী লৈ থাকোতেই যুৱতী গৰাকীয়ে ভাৰসাম্য হেৰুৱাই সৰি পৰে অভাৰব্ৰীজৰ তললৈ।

লগে লগে যুৱতী গৰাকীক এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

লগতে চাওকঃ

সাপ্তাহিক ৰাশিফল

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী পোৱালিয়ে দমকল মাৰি খালে পানী! ভিডিঅ’ ভাইৰেল

Leave a Comment