অমিত শ্বাহৰ সৈতে অমৰিন্দৰ সিঙৰ বৈঠকক লৈ নতুন জল্পনা-কল্পনা

নিউজ ডেস্ক। পাঞ্জাৱ কংগ্ৰেছৰ নেতা-মন্ত্ৰীৰ পদত্যাগৰ মাজতেই নতুন জল্পনা-কল্পনা সৃষ্টি হৈছে সদ্য প্রাক্তন মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙক লৈ।

বুধবাৰে দিল্লীস্থিত অমিত শ্বাহৰ বাসভৱনত গৈ তেওঁক সাক্ষাৎ কৰি আহিল অমৰিন্দৰ সিঙে।

এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে যে মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাই এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগ দিব নেকি অমৰিন্দৰ সিঙে।

অৱশ্যে অমৰিন্দৰ সিঙে জনাই দিয়ে যে, “সকলো পথেই খোলা আছে।” ইয়াৰোপৰি তেওঁ কয় যে কংগ্ৰেছৰ পৰা তেওঁ মানসিকভাৱে কষ্টৰ সন্মুখীন হৈছে।

সূত্ৰ অনুসৰি, অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিবলৈ কিছু সময় লাগিব। যদিহে তেওঁ বিজেপিত যোগদান কৰে, তেন্তে তেওঁক নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান দিব পাৰে। আৰু পথেৰেই আগন্তুক ২০২২ ৰ পাঞ্জাৱ নিৰ্বাচনত বিজেপিয়ে ৰোডমেপ তৈয়াৰ কৰিবৰ বাবে আগবাঢ়িব।

কৃষি আন্দোলনৰ বাবে পাঞ্জাৱত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল অমৰিন্দৰ সিঙে। যদিহে অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰে তেন্তে গেৰুৱা শিবিৰৰ লাভ হ’ব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত।

উল্লেখ্য যে বাওঁ শিবিৰৰ পৰা ওলাই আহি মংগলবাৰে কানাহায়া কুমাৰে যোগদান কৰে কংগ্ৰেছত। লগতে যোগদান কৰে গুজৰাটৰ নেতা জীগনেশ মেৱানীয়ে। ৰাহুল গান্ধীৰ উপস্থিতিত যোগদান কৰে দুয়োৱে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছ দল এৰি গৈছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰা আৰম্ভ কৰি সুস্মিতা দেৱ, লুইজিনহো ফালেইৰ’ৰ দৰে গুৰত্বপূৰ্ণ নেতাই। কোনোৱে যদি যোগদান কৰিছে বিজেপিত বা কোনোৱে আকৌ তৃণমূল কংগ্ৰেছত।

ইয়াৰ মাজতেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে নতুন সংকটৰ সন্মুখীন হৈছে পাঞ্জাৱত। ইয়াৰ মাজতেই অমৰিন্দৰ সিঙৰ বৰ্তমান স্থিতিয়ে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে জল্পনা-কল্পনা।

ইয়াৰোপৰি মংগলবাৰে পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে নৱজ্যোৎ সিং সিদ্ধুৱে। সিদ্ধুৰ পদত্যাগৰ সিদ্ধান্তক সমৰ্থন জনায় শপত গ্ৰহণৰ মাত্ৰ দুদিনৰ পিছতেই পদত্যাগ কৰে পাঞ্জাৱৰ এগৰাকী মন্ত্ৰী ৰাজীয়া চুলতানাই। ইয়াৰ লগে লগে পাঞ্জাৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌতম সেঠেও পদত্যাগ কৰে। আৰু সেই সময়তে অমিত শ্বাহৰ সৈতে অমৰিন্দৰ সিঙৰ বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Comment