অসমত বৌদ্ধ ভিক্ষুৰ ৰূপত আত্মগােপন অবৈধ বাংলাদেশীৰ, আটক

নিউজ ডেস্ক। এইবাৰ এগৰাকী বৌদ্ধ ভিক্ষুৰ ৰূপ আৰক্ষীৰ জালত পৰিল এগৰাকী অবৈধ বাংলাদেশী।

ত্ৰিপুৰা ৰাজ্যৰ ভুৱা নথিপত্ৰ তৈয়াৰ কৰি নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব খােজাৰ অভিযোগত তিনিচুকীয়াৰ কচুজানস্থিত বৌদ্ধ মঠৰ পৰা আৰক্ষীয়ে আটক কৰিলে ৰতনশ্ৰী উৰফে ৰাহুল বৰুৱা নামৰ সন্দেহজনক অবৈধ বাংলাদেশীক।

বৌদ্ধ মঠটােৰ অন্যান্য ভিক্ষুৰ অভিযােগৰ ভিত্তিতে মঙলবাৰে ৰতনশ্ৰী নামৰ এইজন ছদ্মবেশী বৌদ্ধ ভিক্ষুজনক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে।

তিনিচুকীয়া কচুজানস্থিত বৌদ্ধ মন্দিৰত থকা ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱাক আটক।

আটকাধীন ভিক্ষুজনে নিজকে ত্ৰিপুৰাৰ ধলাই জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়াৰ লগতে ভুৱা নথি-পত্ৰ ৰখাৰ অভিযোগ উত্থাপন হৈছে।

দীৰ্ঘদিন ধৰি তিনিচুকীয়া কচুজানস্থিত বৌদ্ধ মঠত বাস কৰি আছিল সন্দেহজনক লোকজনে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিচুকীয়া সদৰ থানাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ লগতে অধিক তথ্যৰ সন্ধানত লোকজনক জেৰা অব্যাহত ৰাখিছে।