অসম আৰক্ষীৰ গুলীত ধৰাশায়ী গাে-চিণ্ডিকেট চক্ৰৰ অন্যতম খলনায়ক আদম আলী…

নিউজ ডেস্ক। অসম আৰক্ষীৰ মূৰৰ কামােৰণি হৈ পৰা কুখ্যাত গাে-মাফিয়া আদম আলী নিহত।

ধুবুৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰােতে গুলীবিদ্ধ হৈ মৃত্যু হয় এই কুখ্যাত অপৰাধীৰ।

উল্লেখ্য যে কেৱল গাে-চিণ্ডিকেটেই নহয়, টকাৰ হাৱালাৰ জৰিয়তে সৰবৰাহ, মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতেও জড়িত আছিল এই দাগী অপৰাধী আদম আলী।

বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ একাধিকবাৰ গ্ৰেপ্তাৰ হৈছিল আদম আলী। কিন্তু বাৰম্বাৰ আদালতৰ পৰা জামিন লাভ কৰি পুনৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিছিল এই কুখ্যাত অপৰাধী।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, আদম আলীৰ বিৰুদ্ধে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জকে ধৰি জিলাখনৰ বিভিন্ন থানাত ৫ টাকৈ গোচৰ ৰুজু হৈ আছিল।

আদমৰ বিৰুদ্ধে ৰুজু হৈ আছিল ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আন এক গোচৰ।

শেহতীয়াকৈ জামিন লাভ কৰি পশ্চিমবংগৰ কোচবিহাৰ চহৰত ভাড়াঘৰত আত্মগোপন কৰি আছিল যদিও পুনৰ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল গৰুৰ চোৰাং সৰবৰাহ আৰু হাৱালাৰ লগতে আন বিভিন্ন অপৰাধজনিত কাৰ্যৰ সৈতে।

ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা অসম-বংগ সীমান্তৰে ছাগলীয়া, হালাকুৰা অঞ্চলত মাৰণাস্ত্ৰ সৰবৰাহৰ পৰিকল্পনা কৰিছিল আদম আলী আৰু তেওঁৰ কেইজনমান সতীৰ্থই।

এই তথ্য আৰক্ষীয়ে লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।

আৰক্ষীৰ অভিযানৰ সময়ত আদমৰ সতীৰ্থ কেইজন পলাই যাবলৈ সক্ষম হয় যদিও কুখ্যাত অপৰাধী আদম আলীক আটক কৰিবলৈ আৰক্ষীয়ে খেদি যায়।

আৰক্ষীয়ে অৱশেষত অসম-বংগ সীমান্তৰ পৰা আদম আলীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়।

আদমৰ পৰা জব্দ কৰা হয় মাৰণাস্ত্ৰ।

তাৰ পাছতেই আদমৰ স্বীকাৰোক্তিৰ ভিত্তিত লুকাই ৰখা মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীৰ দলে ধুবুৰী-কোকৰাঝাৰ সীমান্ত অঞ্চলৰ ৰূপসী, বাসবাৰী অঞ্চলত অভিযান আৰম্ভ কৰে।

কিন্তু সেই সময়তে দুষ্টচক্ৰই আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ কৰে। ফলত দুজনকৈ আৰক্ষী জোৱান আহত হয়।

তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আদম আলীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

এই গুলীচালনাত গুলীবিদ্ধ হৈ ঢলি পৰে আদম। ইয়াৰ পিছতে আৰক্ষীয়ে আদম আলীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে।

ইফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আদম আলীৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে।

লগতে চাওকঃ

অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

অৰুণাচল প্ৰদেশৰ চীন সীমান্তত শ্বহীদ NSG কমাণ্ডাে বিকেশ গিৰি…

1 thought on “অসম আৰক্ষীৰ গুলীত ধৰাশায়ী গাে-চিণ্ডিকেট চক্ৰৰ অন্যতম খলনায়ক আদম আলী…”

Comments are closed.