অসম এৰিলে আনন্দ মিশ্ৰই! বিদায় বেলাত অসম আৰু অসমীয়াৰ কথা কি কৈ গ’ল IPS বিষয়াগৰাকীয়ে…

নিউজ ডেস্কঃ অসমৰ পৰা বিদায় ল’লে জনপ্ৰিয় আৰু সুদক্ষ আইপিএছ বিষয়া আনন্দ মিশ্ৰই। অপৰাধীৰ বিৰুদ্ধে কঠোৰ, কিন্তু সাধাৰণ নীৰিহ জনতাৰ বাবে কোমল অন্তৰৰ আইপিএছ বিষয়াগৰাকীয়ে অসম এৰাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে দুখ ব্যক্ত কৰিছে তেওঁক ভালপোৱা অলেখ অসমীয়াই।

আৰক্ষী অধীক্ষক ৰূপে অসমৰ কেইবাখনো জিলাত কাৰ্যনিৰ্বাহ কৰা কালত সদায় জনতাৰ মাজৰ এজন হৈ অহা আইপিএছ আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা হয়তো অসমৰ আন কোনো আৰক্ষী বিষয়াৰ সৈতে তুলনা নহয়। এগৰাকী নেতা বা অভিনেতাৰ সমানেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰ শেহতীয়াকৈ অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এআইজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অসম আৰক্ষীৰ হকে সুদীৰ্ঘ কাল কাম কৰি এতিয়া অসম এৰি যোৱা আনন্দ মিশ্ৰই যোৱাৰ পূৰ্বে ক’লে মনৰ কথা। অসম আৰক্ষীত কাম কৰাৰ সুযোগ লাভ কৰাটো এক ডাঙৰ উপলব্ধি বুলি বৰ্ণনা কৰি আইপিএছ বিষয়াগৰাকীয়ে কয় যে অসমৰ ৰাইজে তেওঁক যথেষ্ট মৰম দিছে, সেয়া তেওঁ কেতিয়াও পাহৰিব নোৱাৰে।

অসমৰ সৈতে থকা আন্তৰিকতাই তেওঁক বুজাব নোৱাৰা সুখানুভূতি প্ৰদান কৰা বুলি দোহাৰি আনন্দ মিশ্ৰই কয়, ”অসমত আহি কাম কৰাৰ সুযোগ পাইছো, আৰক্ষীৰ পোছাক পিন্ধাৰ, আইপিএছ হোৱাৰ সুযোগ পাইছো, এয়া এক ডাঙৰ উপলব্ধি। মই ইয়াৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞতা ব্যক্ত কৰিছো।’’

মানুহৰ মাজত চেলিব্ৰেটী হৈ পৰা সন্দৰ্ভত আইপিএছ বিষয়াগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ”মই এজন চৰকাৰী কৰ্মচাৰীহে। অসমৰ ৭০ হাজাৰ আৰক্ষী জোৱানৰ মাজত ময়ো এজন। মই কোনো চেলিব্ৰেটী নহয়।’’

আনহাতে ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত শেষবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইপিএছ বিষয়াগৰাকীয়ে কয় যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে বেয়া মানুহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন জনাইছিল বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এআইজিপিৰ দায়িত্বত থকা আনন্দ মিশ্ৰই। অসম চৰকাৰে তেওঁক এনঅ’চি প্ৰদান কৰাৰ পিছতে অসমৰ পৰা বিদায় লয় অসম-মেঘালয়ৰ কেডাৰ গৰাকীয়ে।

জানিব পৰা মতে, শীঘ্ৰে বিহাৰ কেডাৰত যোগদান কৰিব আইপিএছ বিষয়াগৰাকীয়ে।