অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই…

নিউজ ডেস্ক। মৰ্মান্তিক! অৱশেষত মৃত্যুৰে যুঁজি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই।

এক ভয়ংকৰ আক্রমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত সংকটজনক অৱস্থাত জীৱন–মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ স্নাতক বর্ষৰ ছাত্রী তথা ঢকুৱাখনা নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়াই।

উল্লেখ্য যে মৰিধল মহাবিদ্যালয়ৰ লাইব্রেৰী বীয়েৰাৰ ৰিণ্টু শর্মাৰ উপর্যুপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল নন্দিতা শইকীয়াৰ লগতে তেওঁৰ সহপাঠী কস্মিতা দত্ত।

লগে লগে নন্দিতাৰ লগতে কস্মিতাক চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ অতি সংকটজনক অৱস্থাত বিগত চাৰি দিন ধৰি মৃত্যুৰে যুঁজ কৰি বুধবাৰে দুপৰীয়া ১ঃ১੦ বজাত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতা শইকীয়াই।

প্ৰেমজনিত কাৰণতেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে ৷

মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছত ছাত্ৰীগৰাকীৰ অৱস্থা ক্ৰমাৎ সুস্থিৰ হৈছিল যদিও অৱশেষত বুধবাৰে মৃত্যুক আঁকোৱালি লয় নন্দিতাই।

উল্লেখ্য যে ঘাতক ৰিণ্টু শইকীয়া সম্প্ৰতি আৰক্ষীৰ জিম্মাত।

Leave a Comment