আকৌ ঘোচকাণ্ড! উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ

নিউজ ডেস্কঃ এইবাৰ উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হ’ল বিশ্ববিদ্যালয়ৰ এগৰাকী পঞ্জীয়ক।

ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক।

ধৃত পঞ্জীয়কজনৰ নাম গুৰু প্ৰসাদ খাটনিয়াৰ।

উল্লেখ্য যে, বিগত কিছুদিনত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী।

কিন্তু তাৰ পিছতো ৰাজ্যত ঘোচ লোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ অন্ত পৰা নাই।