আকৌ সামাজিক সংকীৰ্ণতাৰ ঘটনা! ঘৰত ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সমাজে এঘৰীয়া কৰি ৰাখিছে অপূৰ্বৰ পৰিয়ালক…

নিউজ ডেস্কঃ যুগৰ যিমানেই পৰিৱৰ্তন নহ’লেও সলনি হোৱা নাই সামাজিক সংকীৰ্ণতা। শেহতীয়াকৈ অসমত সামাজিক সংকীৰ্ণতাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে।

এইবাৰ তেনে এক সামাজিক সংকীৰ্ণতাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে এজন যুৱকে ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই সামাজিকভাৱে এঘৰীয়া কৰা হ’ল তেওঁৰ পৰিয়ালটোক।

এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত। জানিব পৰা মতে, গাঁওখনৰ নিৱাসী অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে তিনি বছৰ পূৰ্বে ঘৰৰ পিছফালে এখন ব্ৰয়লাৰ ফাৰ্ম খুলিছিল।

সংস্থাপন বিচাৰি নাপাই পেটৰ তাড়নাত এই ব্ৰয়লাৰ ফাৰ্মখন খোলাৰ বাবেই বিগত প্ৰায় তিনি বছৰে অপূৰ্বৰ পৰিয়ালটোত এঘৰীয়া কৰি ৰাখিছে ৰাইজে।

সামাজৰ নিয়ম অনুসৰি, কোনো ৰাজহুৱা অনুষ্ঠান, কাৰ্যসূচীত অংশ ল’ব নোৱাৰে অপূৰ্বৰ পৰিয়ালটোৱে। আনকি তেওঁলোকৰ ঘৰলৈ গাঁৱৰ কোনোবা আহিলেও ভৰিবলগীয়া হয় জৰিমণা।

ঘৰত ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবেই এটা পৰিয়াল এনেদৰে সমাজৰ পৰা এঘৰীয়া হ’বলগীয়া হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ এলান্ধুকলীয়া মনৰ লোকৰ চিন্তাৰ বাবেই এনেদৰে পৰিয়ালটো এখন সমাজৰ অংশ হোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বজালী জিলাৰ শিয়ালমাৰী অঞ্চলৰ পৰা পোহৰলৈ আহিছিল সামাজিক সংকীৰ্ণতাৰ এক অনুৰূপ ঘটনা। অঞ্চলটোৰ এঘৰ ব্যক্তিৰ ঘৰৰ গোহালিত পশুধনৰ মৃত্যু হোৱাৰ বাবেই বিগত ৮ বছৰে সমাজৰ পৰা এঘৰীয়া কৰি মানসিক নিৰ্যাতন চলাই আহিছিল ৰাইজে।