আজব ঘটনা! জ্যেষ্ঠ আৰক্ষী বিষয়াক উৎকােচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল এএছআই

নিউজ ডেস্ক। বিভিন্ন অজুহাতত একাংশ খাকী পােছাকধাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰা কােনাে নতুন কথা নহয় যদিও এইবাৰ খােদ এগৰাকী খাকী পােছাকধাৰীয়ে জ্যেষ্ঠ বিষয়াক উৎকােচ দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া ঘটনা সংঘটিত হৈছে।

বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শকক জিলাখনৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়ত উৎকোচ দিবলৈ চেষ্টা চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ কৰা হয়।

ধৃত ASI জনৰ নাম আব্দুল মতলিব বুলি জানিব পৰা গৈছে। তেওঁ জিলাখনৰ আৰক্ষী ৰিজাৰ্ভত নিয়ােজিত হৈ আছিল।

খবৰ অনুসৰি, এএছআই গৰাকীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ডিএছপি ত্ৰিদীপ কুম্বাঙক তেওঁৰ পছন্দৰ এটা আউটপোষ্টত পদত যােগদান কৰাৰ সুবিধা দিয়াৰ বিনিময়ত ১০ হাজাৰ টকা দি উৎকোচ দিয়াৰ চেষ্টা কৰিছিল।

কিন্তু উৎকােচ দিয়াৰ লগে লগে ত্ৰিদীপ কুম্বাঙে গ্ৰেপ্তাৰ কৰে এ এছ আই মতলিবক।

তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন (পিচিএ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

সংবাদ মাধ্যমক সম্বোধন কৰি নগাঁও আৰক্ষী অধীক্ষক লীনা ডলেই কয় যে, “এ এছ আই আব্দুল মতলিবে তেওঁৰ পছন্দৰ আউটপোষ্টত নিযুক্তি দিবলৈ ডিএছপি ত্ৰিদীপ কুমাঙক ১০ হাজাৰ টকা দিবলৈ চেষ্টা কৰিছিল। এই বিষয়া গােচৰ ৰুজু কৰি বিভাগীয় তদন্ত অব্যাহত ৰখা হৈছে।”

Leave a Comment