আনন্দত আত্মহাৰা পৰিয়াল! ৪ বছৰ ধৰি সন্ধানহীন হৈ থকা সাগৰিকা আৰু দুই সন্তানৰ সন্ধান ওলাল বেংগালুৰুত

নিউজ ডেস্কঃ ৪ বছৰ পূৰ্বে পাৰিবাৰিক কন্দ্বলৰ বাবে দুই পুত্ৰ সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই গৈছিল সাগৰিকা। তাৰ পিছতে মহিলাগৰাকী আৰু সন্তান দুটিৰ সন্ধান বিচাৰি হাহাকাৰ কৰি ফুৰিছিল স্বামী আৰু পৰিয়ালৰ আন সদস্যসকলে।

এদিন দুদিনকৈ সময় বাগৰিছিল। পত্নী-পুত্ৰৰ সন্ধানহীনতাই অতিক্ৰম কৰিছিল ৪টা বছৰ। তাৰ পিছতে হঠাৎ এটা অচিনাকী ফোনে পৰিয়ালটোলৈ আশাৰ বতৰা কঢ়িয়াই আনে। কিয়নো বাংগালুৰুত সম্ভেদ পোৱা গৈছে নিৰুদ্দেশ মহিলাগৰাকীৰ লগতে সন্তান দুটিৰ।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ভেৰগাঁৱত। জানিবপৰা মতে, ভেৰগাঁও মহলিয়াপাৰাৰ নিৱাসী চাণক্য বড়ো (৩০) নামৰ লোকজনৰ পত্নী সাগৰিকা বড়োৱে (২৩) ৪ বছৰ পূৰ্বে পাৰিবাৰিক কন্দ্বলৰ বাবে গোপনে ঘৰৰ পৰা ওলাই গৈছিল। সেই সময়ত তেওঁ লগত লৈ গৈছিল ৪ বছৰীয়া পুত্ৰ লক্ষ্য আৰু ৩ বছৰীয়া পুত্ৰ ৰত্নাকৰকো।

মহিলাগৰাকীয়ে দুই সন্তানক লগত লৈ কামৰ সন্ধানত বাংগালুৰত উপস্থিত হয়। তাত তেওঁ কাম বিচাৰি ঘূৰি ফুৰোতেই ৰে’লৱে আৰক্ষীয়ে পাই তিনিওকে অস্থায়ীভাৱে আশ্ৰয় গৃহত ৰাখে।

বৰ্তমান বাংগালুৰুৰ দদাগোবি ভিলেজ কে আৰ চি ৰোডস্থিত নিউয়ৰ্ক মিছন অৱ ইণ্ডিয়াত বাস কৰি থকা মহিলাগৰাকী আৰু তেওঁৰ দুই সন্তানৰ জীয়াই থকাৰ খবৰ পৰিয়ালক ফোনযোগে অৱগত কৰে কোনো অচিনাকী ব্যক্তিয়ে।

৪ বছৰে পত্নী-সন্তানক বিচাৰি হাবাথুৰি খাই শেষত আশা এৰি দিয়া চাণক্যই পত্নী আৰু পুত্ৰৰ সম্ভেদ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে। স্বামী আৰু পৰিয়ালৰ লোকে মহিলাগৰাকী আৰু সন্তান দুটিক অসমলৈ ওভতাই অনাৰ ক্ষেত্ৰত প্ৰশাসন তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহায় বিচাৰিছে। আনহাতে বিষয়টো প্ৰশাসন তথা, চাইল্ড লাইন আৰু মহিলা একক আস্থানকো অৱগত কৰিছে পৰিয়ালৰ লোকে।