আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেলৰ মাজতে হঠাতে শুই পৰিল সকলাে খেলুৱৈ আৰু অম্পায়াৰ!

নিউজ ডেস্ক। চলি আছে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰী লংকাৰ মাজত এদিনীয়া শৃংখলা। সেই সময়ত অব্যাহত আছে ৩৮ নম্বৰ অভাৰৰ খেল।

বেটিং কৰি আছে শ্ৰীলংকাৰ দুই বেটচমেনে। বল কৰিবলৈ আগবাঢ়ি গৈছে ৱেষ্ট ইণ্ডিজৰ এণ্ডাৰছন ফিলিপ।

বেটিং কৰি থকা বেটচমেনে সাজু হৈছে ফিলিপৰ বল মাৰিবলৈ। ফিলিপে বল দিবলৈ কিছুদূৰ আগুৱাই যাওঁতেই দেখা গ’ল এক সাংঘাতিক দৃশ্য।

বলাৰ আধাবাট পাওঁতেই আপোনা-আপুনি শুই পৰিছে বলাৰ, বেটচমেন, অম্পায়াৰ সকলো। কিছু সময় শুই থকাৰ পিছত উঠি যায় সকলো আৰু পুনৰ আৰম্ভ কৰে খেল।

পৰৱৰ্তী সময়ত ধৰা পৰে ইয়াৰ প্ৰকৃত কাৰণ। কেমেৰাত দেখা অনুসৰি এজাক মৌ মাখি উৰি অহাৰ বাবেই শুই পৰে সকলো।

মৌ মাখিৰ আক্ৰমণৰ পৰা বাচিবলৈ এনে কৰে সকলোৱে। মৌ জাকটো যোৱাৰ পিছতেই উঠি পৰে সকলো।

উল্লেখ্য যে ২০১৯ ৰ বিশ্বকাপ ক্ৰিকেটত শ্ৰী লংকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা মেচৰ মাজতো এনেকুৱা মৌ আক্ৰমণৰ ঘটনা হৈছিল।

লগতে চাওকঃ

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ গাড়ীক ঘেৰি ধৰিলে দুই প্ৰকাণ্ড বনৰীয়া হাতীয়ে! ম’বাইলত বন্দী শিহৰণকাৰী দৃশ্য

অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

Leave a Comment