আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গভাইত গাড়ী চােৰ, জব্দ ১৫ খন চুৰি স্কুটী-বাইক…

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰত দিনকদিনে বৃদ্ধি পাইছে গাড়ী চুৰি চক্ৰৰ দৌৰাত্ম্য।

গাড়ী চুৰি চক্ৰৰ লক্ষ্য দুচকীয়া বাহন, বিশেষকৈ নামী-দামী ব্ৰেণ্ডৰ স্কুটী।

৫੦ হাজাৰ টকাৰ কৰা ১ লাখ টকা পৰ্যন্ত মূল্যৰ এই স্কুটী চুৰি কৰি এই চক্ৰটােৱে গ্ৰাহকক বিক্ৰী কৰিছে ৫ হাজাৰ পৰা ১৫ হাজাৰ টকা মূল্যত।

এই সন্দৰ্ভত ভুক্তভােগীৰ এজাহাৰৰ পিছতে তৎপৰ হৈ পৰিছে ইটানগৰ আৰক্ষী।

ৰাজধানী চহৰৰ বিভিন্ন স্থানত চলােৱা ধাৰাবাহিক অভিযানত আৰক্ষীয়ে ১৪ খন চুৰি স্কুটী আৰু এখন বাইক জব্দ কৰাৰ লগতে এজন কুখ্যাত গাড়ী চােৰক গ্ৰেপ্তাৰ কৰে।

এই চােৰটােৰ নাম নাবাম চকপ (২੦, গাঁওঃ জােটে) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এনে চুৰি বাহন ক্ৰয় কৰা এজন গ্ৰাহককাে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লােক দুজনক জেৰা চলাই তেওঁলােকৰ অন্য সহযােগীৰ বিৰুদ্ধেও তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে। অচিৰেই চক্ৰটােৰ অন্যান্য সদস্যসকলাে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

ইপিনে, আৰক্ষীয়ে জব্দ কৰা এইসমূহ দুচকীয়া বাহনৰ মডেল নম্বৰৰ লগতে ইঞ্জিনৰ সবিশেষ তথ্য প্ৰকাশ কৰি প্ৰকৃত গৰাকীৰ সন্ধান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনসাধাৰণৰক দুচকীয়া যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত সকলাে নথি-পত্ৰৰ পৰীক্ষা কৰাৰ লগতে সন্দেহজনক বাহন বিক্ৰেতাৰ বিষয়ে তথ্য 112 নম্বৰত দিবলৈ আহ্বান জনাইছে ইটানগৰ আৰক্ষীয়ে।