আৰক্ষীৰ বাহনত উঠি নৃত্য উদণ্ড যুৱকৰ, দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। আৰক্ষীক দেখিলেই ভয় কৰে সাধাৰণ জনতাই। কিন্তু এইবাৰ এনে এক দৃশ্য ভাইৰেল হৈ পৰিছে, য’ত আৰক্ষীৰ বাহনৰ ওপৰত উঠি নৃত্য কৰিলে উদণ্ড যুৱকে।

এই ঘটনা শনিবাৰে সংঘটিত হৈছে তামিলনাডুৰ ৰামনাথপুৰমত। দৃশ্যটোত দেখা অনুসৰি, কিছুমান যুৱকক কৰ্তব্যৰত আৰক্ষী কৰ্মীৰ গাড়ীৰ ওপৰত থিয় হৈ নৃত্য কৰা দেখা যায়।

অৱশ্যে বৰ্তমান এই যুৱকসকলে তেওঁলোকৰ কামৰ ফল ভুগিব লগা হ’ব পাৰে। কিয়নো ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

জানিব পৰা মতে, শনিবাৰে স্বাধীনতা সংগ্ৰামী পাচাম্পন মুত্তুৰামলিং থেভাৰৰ জন্ম জয়ন্তী আছিল। সেই উদ্দেশ্যে তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ কামুধিত এই অনুষ্ঠান উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

অনুষ্ঠানৰ সময়ছোৱাত আৰক্ষী আৰু ৰাজহ বিভাগৰ কৰ্মচাৰীক কৰ্তব্যত আৰোপ কৰা হৈছিল। অনুষ্ঠানটোৰ সময়ত কিছুমান উৎসাহী যুৱকে পথত নাচি আছিল। যেতিয়া আৰক্ষী কৰ্মীসকল তেওঁলোকৰ বাহনত সেই ঠাই পাৰ হৈ গৈছিল, তেতিয়া যুৱকৰ এটা দল আৰক্ষীৰ বাহনৰ সন্মুখলৈ আহিছিল আৰু তেওঁলোকক ৰখাই নাচিবলৈ আৰম্ভ কৰিছিল।

যুৱকসকলে তাত ৰৈ নাচিছিল। কেৱল সিমানেই নহয়, তেওঁলোকে আৰক্ষীৰ বাহনৰ ওপৰত উঠিও নাচিবলৈ আৰম্ভ কৰিছিল। সেই ঠাইত উপস্থিত কোনোৱে সেই ঘটনাটোৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু ইয়াক সামাজিক মাধ্যমত আপলোড কৰিছিল। যিটো পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰিছিল।

জিলা আৰক্ষী অধীক্ষকে ঘটনাটো নিশ্চিত কৰি কয় যে, ঘটনাটো লক্ষ্য কৰা হৈছে। ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰা হ’ব।

Leave a Comment