আৰক্ষীৰ বৰ্বৰতা! পিতৃৰ সৈতে বাইকত উঠি অহা ৬ বছৰীয়া কণমানজনীক লাঠীৰে প্ৰচণ্ড প্ৰহাৰ কৰি ফালিলে মূৰ…

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ নিষ্ঠুৰতা।

বাইকৰ তালাচীৰ নামত লাঠীৰে কােবাই মূৰ ফালিলে পিতৃৰ সৈতে বাইকত উঠি অহা এগৰাকী ৬ বছৰীয়া কণমানিজনীৰ।

বিনা কাৰণেতে লাঠীৰে নিৰ্মম প্ৰহাৰ কৰিলে কণমানিজনীৰ পিতৃ-মাতৃকাে।

এই ঘটনা সংঘটিত হ’ল ধুবুৰী জিলাৰ শালকোচাত।

জানিব পৰা মতে, চাপৰ-মৌৱাটাৰীৰ ইয়াকুৰ আলীয়ে নয়াহাটৰ শহুৰৰ ঘৰ পৰা পত্নী আৰু ছয় বছৰীয়া কন্যাৰ সৈতে নিজৰ বাইকেৰে ঘৰলৈ যােৱাৰ সময়তে শালকােচা আৰক্ষী চকীৰ সন্মুখতে শালকোচা আৰক্ষীৰ হেড কনিষ্ঠবল সিবেশ সেন গুপ্তাই হঠাতে বাইকখন ৰখাবলৈ দি কােনাে কাৰণ নজেনাৱাকৈ লাঠীৰে প্ৰচণ্ড কােব সােধায় কণমানিজনীৰ লগতে পিতৃ-মাতৃক।

কনিষ্টবলগৰাকীৰ লাঠীৰ প্ৰচণ্ড কােবত শিশুটিয়ে মূৰত প্ৰচণ্ড আঘাত পায় আৰু ৰক্তক্ষৰণ হয়।

গুৰুতৰভাৱে আহত শিশু গৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয়।

এই ঘটনাই অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে, উক্ত ঘটনাৰ খবৰ লাভ কৰি লগে লগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ধুবুৰীৰ জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে।

লগে লগে নিলম্বন কৰা হয় অভিযুক্ত হাবিলদাৰ সিবেশ সেন গুপ্তাক।

ইয়াৰ উপৰি মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই শিশুটিৰ চিকিৎসাৰ সম্পূৰ্ণ খৰছ বহন কৰিব বুলি জানিবলৈ দিয়ে।

লগতে চাওকঃ

আৱেগিক! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতলীত প্ৰৱেশ কইনাৰ, দৃশ্য দেখি সেমেকি উঠিল উপস্থিত সকলোৰে দুচকু, ভাইৰেল ভিডিঅ’