আৱেগিক মুহূৰ্ত! নতুন মুখ্যমন্ত্ৰীৰ মাতৃৰ পৰা আশীৰ্বাদ ল’লে বিদায়ী মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। বিগত ৫ বছৰে দুৰ্নীতি-স্বজনপ্ৰীতিৰ পৰা বহু দূৰত থাকি মুখ্যমন্ত্ৰীৰ ৰূপত অসমক সবলভাৱে নেতৃত্ব দিলে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে।

সদ্য সমাপ্ত অসম বিধানসভাৰ নিৰ্বাচনত সােণােৱালৰ নেতৃত্বতে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজােঁটে। ৰাইজে নিবিচাৰিলে পৰিৱৰ্তন।

কিন্তু ইয়াৰ পাছতো ৰাজ্যবাসীৰ বৃহত্তৰ স্বাৰ্থ তথা দলীয় হাইকামাণ্ডৰ ইচ্ছা অনুসৰিয়েই শেষ মুহূৰ্তত নিজৰ গাদী এৰি বদান্যতাৰ পৰিচয় দিলে সৰ্বানন্দ সােণােৱালে।

বিধায়িনী বৈঠকৰ সময়তাে হাঁহি মুখে হিমন্তক শুভেচ্ছা জনাই পৰিচয় দিলে নিজৰ অকৃত্ৰিম ব্যক্তিত্বৰ। সৰ্বানন্দ সােণােৱালৰ এনে ভূমিকাই ৰাজ্যবাসীৰ মনত তেওঁক অধিক উচ্চ স্থান প্ৰদান কৰিলে।

ইয়াৰ পিছতে সােমবাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’লে সত্যপ্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানৰ উপস্থিত হৈ নতুন মুখ্যমন্ত্ৰীৰ মাতৃৰ কাষত উপস্থিত হৈ আশীৰ্বাদ বিচাৰিলে সত্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সােণােৱালে।

PIC : UB PHOTOS

হিমন্তৰ মাতৃ মণালিনী দেৱীয়েও দুই হাতেৰে আশীৰ্বাদ তথা শুভেচ্ছা জনালে সােণােৱালক।

এই দৃশ্যই স্বাভাৱিকতে সকলােৰে দৃষ্টি আকৰ্ষণ কৰিলে। সদায় জ্যেষ্ঠজনক সন্মান জনােৱা সৰ্বানন্দ সােণােৱালে হিমন্তৰ মাতৃৰ পৰা আশীৰ্বাদ লােৱা দৃশ্য বহুতেই বন্দী কৰিলে নিজৰ ম’বাইল তথা কেমেৰাত।

লগতে চাওকঃ

মাতৃ দিৱসত পুত্ৰৰ পৰা এক অকল্পনীয় উপহাৰ পালােঃ মৃণালিনী দেৱী

Leave a Comment