ইউক্ৰেইনত ৰাছিয়ান মিছাইলৰ আক্ৰমণত ভাৰতীয় ছাত্ৰৰ মৃত্যু

ইউক্ৰেইনৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰৰতী ছাত্ৰই।

ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ভাৰতীয় ছাত্ৰজনৰ ৰাছিয়ান সেনাৰ আক্ৰমণতম মৃত্যু ঘটা বুলি জানিবলৈ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে।

নিহত ছাত্ৰজনক কৰ্ণাটকৰ বাসিন্দা নবীন শেখৰাপ্পা চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বাংগালুৰুৰ ছাত্ৰজন ইউক্ৰেইনত এমবিবিএছৰ চতুৰ্থ বৰ্ষত অধ্যয়নৰত আছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰী কৰা মতে, মঙলবাৰে পুৱা স্থানীয় সময়ানুসৰি ৮ বজাত খাৰকিভৰ ৰাজ্যিক প্ৰশাসন ভৱনক লক্ষ্য কৰি ৰাছিয়াৰ মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱায় নবীনে।

প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ বাহিনীৰ প্ৰচণ্ড গুলীবৰ্ষণৰ পিছত নবীনে খাৰকিভৰ এটা ভূগৰ্ভস্থ বাংকাৰত আন ৩০০ জনৰ সৈতে আশ্ৰয় লৈছিল।

তেওঁ আজি পুৱা খাদ্যৰ ব্যৱস্থা কৰিবলৈ বাহিৰলৈ ওলাই যোৱাৰ সময়তে এটা ৰাছিয়ান মিছাইলে ৰাজ্যিক প্ৰশাসনৰ ভৱনত আঘাত কৰে।

বৈদিশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰ অৰিন্দম বাঘচিয়ে টুইট কৰি কয়, “গভীৰ দুখেৰে আমি নিশ্চিত কৰিছো যে আজি ৰাতিপুৱা খাৰকিভত হোৱা গোলাবর্ষণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে। আমি পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

উল্লেখ্য যে, ইউক্ৰেইনৰ পূব অংশৰ অন্যতম যুদ্ধক্ষেত্ৰ খাৰকিভে ৰাছিয়াৰ সৈতে দেশখনৰ সীমা ভাগ কৰে।

খাৰকিভ চহৰ ইউক্ৰেইনৰ পশ্চিম অংশত পোলেণ্ড সীমান্তৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত। পোলেণ্ড হৈছে এনে এখন দেশ য’ৰ পৰা ভাৰতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা নাগৰিকসকলক বিমানেৰে লৈ গৈছে।

Leave a Comment