ইশ্বৰ ভক্তি! নিজৰ ১ কোটি মূল্যৰ সম্পত্তি হনুমান মন্দিৰৰ নামত লিখি দিলে চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে…

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ এগৰাকী শিক্ষয়িত্ৰীৰ মহানুভৱতাই এতিয়া হৃদয় জিনিছে অনেকৰ।

ইশ্বৰৰ ভক্তিত বিলীন এইগৰাকী শিক্ষয়িত্ৰীয়ে হনুমান মন্দিৰৰ নামত দান কৰিলে নিজৰ ১ কোটি টকাৰ সম্পত্তি।

মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ নিৱাসী এইগৰাকী মহিলা শিক্ষয়িত্ৰী হৈছে শিৱকুমাৰী জাদৌন।

শ্বেওপুৰৰ খিতাৰপাল গাঁৱৰ চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰীগৰাকীয়ে ইতিমধ্যে এখন উইল প্ৰস্তুত কৰি তেওঁৰ মৃত্যুৰ পিছত সম্পত্তিৰ গৰাকী গাঁৱৰ হনুমান মন্দিৰ ন্যাসক পাতি দিছে।

জানিব পৰা মতে, শিৱকুমাৰী জাদৌনৰ আছে দুটি পুত্ৰ সন্তানো। যাৰ বাবে তেওঁৰ সৰ্বমুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ দুটা ভাগ কৰি তাৰে এটা ভাগ দুই পুত্ৰৰ মাজত ভগাই দিয়ে।

বাকী থকা ভাগটো তেওঁ হনুমান মন্দিৰ ন্যাসৰ নামত লিখি দিছে।

বাতৰি অনুসৰি, দুই পুত্ৰৰ সৈতে সম্পৰ্ক সিমান ভাল নোহোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ মৃত্যুৰ পিছত শেষ ৰীতি-নীতি সম্পন্ন কৰিবলৈও মন্দিৰ ন্যাসক আহ্বান জনাইছে।

শিৱ কুমাৰী জাদৌনে মন্দিৰক প্ৰদান কৰা সম্পত্তিৰ ভিতৰত আছে তেওঁৰ ঘৰ, গহনা আৰু বীমা পলিচী।

ইশ্বৰৰ ওপৰত গভীৰ বিশ্বাস ৰখা এই মহিলাগৰাকীৰ মহানুভৱতাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।