উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৫৫ জন লােকে

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ! ৰাজ্যত সংহাৰী ৰূপ লৈছে মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। ৰাজ্যজুৰি প্ৰথমবাৰলৈ অৰ্ধ শতাধিক লােকে এদিনতে প্ৰাণ হেৰুৱাইছে এই ভাইৰাছৰ সংক্ৰমণত।

বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫৫ জন লােকে প্ৰাণ হেৰুৱালে।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৮২৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ১,৩৮৩ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ। চিন্তনীয় কথা এয়াই যে প্ৰথম বাৰৰ বাবে ৰাজ্যৰ ২੦ খনকৈ জিলাত ক’ভিড-১৯ৰ বাবে এদিনতে ইমান সংখ্যক লােকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ইয়াৰে সৰ্বাধিক মৃতকৰ সংখ্যা গুৱাহাটী মহানগৰীত। গুৱাহাটী মেট্ৰ’ জিলাত এদিনতে প্ৰাণ হেৰুৱালে ১৮ জনকৈ লােকে। ইয়াৰ পাছতে বৰপেটা জিলাত সৰ্বাধিক ৬ জন লােকৰ এদিনতে মৃত্যু ঘটে।

ইয়াৰ বিপৰীতে, বিগত ২৪ ঘন্টাত সুস্থ হৈ উঠা ২,৯১৬ জন লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

উল্লেখ্য যে দিনটােত ৫২,੦৭৪ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে, সংক্ৰমণৰ হাৰ সৰ্বাধিক ৯.২৭ শতাংশলৈ বৃদ্ধি পাইছে।

ৰাজ্যত বৰ্তমানে সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ২৯,৯১৫ হাজাৰ।

উল্লেখ্য যে মংগলবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণৰ হাৰ ৮.১৪ শতাংশ আছিল। লগতে দিনটােত ৪১ জন লােকে এই ভাইৰাছৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছিল।

লগতে চাওকঃ

অসমৰ প্ৰাক্তন সাংসদ-কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ কােৰােনাত মৃত্যু

দিল্লীত কৰ্মৰত অসমৰ দুগৰাকী অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

Leave a Comment