এইবাৰ সামাজিক মাধ্যমত ভাইৰেল জুনিয়ৰ মীৰাবাই! চাওক ভিডিঅ’

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত দেশে লাভ কৰিছে মাত্ৰ এটা পদক। আৰু সেই পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মণিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক মীৰাবাই চানুৱে।

শনিবাৰে ভাৰোত্তোলনৰ ৪৯ কিলো শাখাত চানুৱে লাভ কৰে ৰূপৰ পদক। আৰু ইয়াৰ পিছতেই দেশজুৰি প্ৰশংসিত হৈ পৰে চানু।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা বিশিষ্ট ব্যক্তিলৈকে সকলোৱে শুভেচ্ছা জনায় তেওঁক। বিমানবন্দৰৰ পৰা সকলোতে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় চানুক। বহুতে অনুসৰণ কৰিছে তেওঁক।

তেওঁক লৈ প্ৰেৰণা পাইছে বহুতো নৱপ্ৰজন্মই। তেনে সময়তে ভাইৰেল হৈ পৰিছে আন এক দৃশ্য। য’ত মীৰাবাই চানুক অনুসৰণ কৰিছে এগৰাকী কণমানি শিশুৱে। চানুৰ দৰে ঘৰতে প্ৰদৰ্শন কৰিছে তেওঁ।

এই দৃশ্যই এতিয়া আমোদ দিছে সকলোকে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যটোত দেখা অনুসৰি, শিশু গৰাকীয়ে নকল কৰিছে মীৰাবাই চানুক। তেওঁ প্ৰথমতে মীৰাবাই চানুৱে কেনেদৰে টকিঅ’ অলিম্পিকত ৱেইট লিফ্ট কৰিছে সেইয়া চাই লয়।

তাৰ পিছতেই তেওঁ হাতত হোৱাইট পাউদাৰ লগাই, যেনে দৰে চানুৱে লগাইছিল। আৰু তাৰ পিছতেই তেওঁ ভাৰোত্তোলন কৰে। শিশু গৰাকীৰ সৰু সৰু হাতেৰে কৰা সেই কাৰ্যই সকলোকে সন্মোহিত কৰিছে।

এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰি ভাৰতীয় ভাৰোত্তোলক সতীশ শিৱলিংগমে কয়, “জুনিয়ৰ মীৰাবাই চানু। ইয়াকে প্ৰেৰণা বুলি কয়।” তেওঁ ২৬ জুলাইৰ নিশা ১২ বজাত এই দৃশ্য শ্বেয়াৰ কৰে। টুইটটোত বহুতে কৰে ভিন্ন মন্তব্য।
উল্লেখ্য যে মীৰা বাই চানুৱেও সেই দৃশ্য দেখি শিশু গৰাকীৰ অনুৰাগী হৈ পৰে। তেওঁ সেই টুইট ৰিটুইট কৰে। আৰু লিখে, “So cute. Just love this। এনেকেই সকলোৱে অনুপ্ৰেৰণা পায়। আপুনিও শিশু গৰাকীৰ অনুৰাগী হব পাৰে।”

এই ভিডিঅ’ প্ৰত্যক্ষ কৰি আনকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মীৰাবাঈ চানুৱেও

Leave a Comment