এইবাৰ হিজাবৰ বাবে ছাত্ৰীসকলৰ সৈতে এই ঘটনা ঘটিল আৰক্ষীৰ ভৰ্তি পৰীক্ষাত…

নিউজ ডেস্ক। পৰীক্ষা কেন্দ্ৰত সংঘটিত হাফ পেন্ট বিতৰ্কই দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এটা পোছাক বিতৰ্ক।

এইবাৰ হিজাব পৰিধান কৰি চাকৰিৰ আবেদন কৰাৰ বাবেই মুছলমান যুৱতীৰ আবেদন নাকচ কৰিলে চৰকাৰী বিভাগে।

পিছে এইবাৰ এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগত।

পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে ১০০০ তকৈও অধিক মুছলমান যুৱতীৰ চাকৰিৰ আবেদন পত্ৰ নাকচ কৰে। কিয়নো তেওঁলোকে তেওঁলোকৰ প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰা ফটোত মূৰত কাপোৰ বা হিজাব পৰিধান কৰিছিল।

এই প্ৰাৰ্থীসকলৰ আবেদন প্ৰত্যাখ্যানৰ চৰকাৰী সিদ্ধান্তই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ।

খবৰ অনুসৰি, পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে কনিষ্টবল আৰু মহিলা কনিষ্টবল নিয়োগৰ বাবে দাখিল কৰা ৩০,০০০ তকৈও অধিক আবেদন প্ৰপত্ৰ নাকচ কৰিছে। বৰ্ডে কয় যে প্ৰ-পত্ৰৰ সৈতে সংলগ্ন ফটোত হিজাব বা হেডস্কাৰ্ফ পিন্ধা অন্তৰ্ভুক্ত থকা প্ৰ-পত্ৰসমূহ নাকচ কৰা হৈছে।

ইয়াক “ভুল” প্ৰ-পত্ৰ হিচাপে বিবেচনা কৰা হৈছে।

বৰ্ডে জনোৱা অনুসৰি, পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডৰ নিৰ্দেশনাত কোৱা হৈছিল যে আবেদনকাৰীসকলৰ মুখ বা চেহেৰা ফটোত কোনো ধৰণে ঢাকি ৰাখিব নালাগিব।

নিৰ্দেশনাত উল্লেখ আছিল যে “আৱেদনকাৰীসকলক ফটো আৰু স্বাক্ষৰৰ ঠাইত আন বস্তুৰ ছবি আপলোড নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। মুখ/মুৰ ঢাকি থকা ফটো, চকু ঢাকি ৰখা চানগ্লাছ/ৰঙীন চশমা পৰিধান কৰি থকা ফটো গ্ৰহণ কৰা নহ’ব। পৰীক্ষণৰ সময়ত ফটোখন ‘গ্ৰুপী’ বা ‘চেলফি’ৰ পৰা ক্ৰপ কৰা আলোকচিত্ৰ হিচাপে প্ৰমাণিত হলে সেই প্র-পত্ৰ গ্ৰহণ কৰা নহ’ব।”

পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে অহা ২৬ ছেপ্টেম্বৰত প্ৰাথমিক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছে। বৰ্ডে ইতিমধ্যে পৰীক্ষাটোৰ বাবে প্ৰৱেশ পত্ৰও জাৰি কৰিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কিছুমান মুছলমান যুৱতী, যি সকলৰ আবেদন নাকচ কৰা হৈছে তেওঁলোকে কয় যে হিজাব পিন্ধাটো তেওঁলোকৰ সাংবিধানিক অধিকাৰ আছিল।

সেই সকলৰ ভিতৰৰ এগৰাকী ভুক্তভোগী উত্তৰ ২৪ পৰগণাৰ সোনামোনি খাতুনে কয়, “মই কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰ-পত্ৰত হিজাব পিন্ধি মোৰ ফটো ব্যৱহাৰ কৰিছো। মোক কতো প্ৰত্যাখ্যান কৰা হোৱা নাছিল। পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডে মোক মোৰ ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত কৰিছে।”

আন এগৰাকী ভুক্তভোগী প্ৰাৰ্থী মুৰ্শিদাবাদৰ চুমিয়া য়াচমিনে কয় যে, “ভাৰতৰ সংবিধানে মোক মোৰ ধৰ্ম পালন কৰাৰ স্বাধীনতাৰ নিশ্চয়তা দিয়াৰ সময়ত বৰ্ডে মোৰ আবেদন কেনেকৈ নাকচ কৰিব পাৰে।” আন এগৰাকী আবেদনকাৰী তুহিনা খাতুনে কয় যে, তেওঁ পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডৰ সংশ্লিষ্ট বিষয়াক লগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।

সেয়েহে ভুক্তভোগী প্ৰাৰ্থীসকলে পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছে আৰু শিখ সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলক ৰেহাই দিয়া ধৰণে তেওঁলোকৰ বাবে বৰ্ডৰ নিয়মৰ শিথিলতা বিচাৰিছে।

তেওঁলোকে এইটোও যুক্তি দিয়ে যে হিজাব পিন্ধাটো তেওঁলোকৰ বিশ্বাস আৰু সাংস্কৃতিক অনুশীলনৰ অংশ। ইয়াৰোপৰি ৰাজ্যখনত তেওঁলোকৰ সম্প্ৰদায় আছে। তেওঁলোকে পত্ৰখনত লিখে, “আমি বিশ্বাস কৰো যে ভাৰতীয় গণতন্ত্ৰৰ পৰিসৰ সকলো ধৰ্মীয় বিশ্বাসক স্থান দিয়াৰ বাবে যথেষ্ট বিস্তৃত।”

এই সন্দৰ্ভত নিযুক্তি ব’ৰ্ডৰ এগৰাকী সদস্য সুব্ৰত গাংগুলীয়ে কয় যে, “বৰ্ডে আইনৰ দ্বাৰা এই কাম কৰিছে। পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডৰ নিৰ্দেশনাৱলীত স্পষ্টকৈ কোৱা হৈছে যে এজন প্ৰাৰ্থীৰ ফটো মুৰ ঢাকি নোলোৱাকৈ স্পষ্টভাৱে দৃশ্যমান হ’ব লাগিব। আমি বিভিন্ন কাৰণত ৩০,০০০ আবেদন নাকচ কৰিছো। তেওঁলোকৰ ভিতৰত আছে সকলো ধৰ্মৰ প্ৰাৰ্থী। আমি তেওঁলোকৰ ধৰ্ম পৰীক্ষা কৰা নাই যে তেওঁলোক কোন মুছলমান বা শিখ বা হিন্দু। আমি পুৰুষ বা মহিলাৰ বিৰুদ্ধেও বৈষম্যমূলক আচৰণ কৰা নাই।”

কিছু দল সংগঠনে নিযুক্তি বৰ্ডলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে দাবী কৰিছে যে প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰ-পত্ৰ পুনৰ আপলোড বা সম্পাদনা কৰিবলৈ উপযুক্ত সময় দিব লাগে। হিজাব পিন্ধাটো মুছলমান মহিলাৰ অধিকাৰ আৰু ইয়াক তেওঁলোকৰ আবেদন প্ৰত্যাখ্যান কৰাৰ কাৰণ হিচাপে গণ্য কৰিব নালাগে বুলি বিবেচনা কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ২০১৭ চনত কেৰালা উচ্চ ন্যায়ালয়ে ফিদা ফাথিমা বনাম ইউনিয়ন অফ ইণ্ডিয়াৰ এক গোচৰৰ ক্ষেত্ৰত ৰায় দিছিল যে অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা অনুসৰণ কৰি হেডস্কাফ আৰু পোছাক পিন্ধি প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো ভাৰতৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ দ্বাৰা সুৰক্ষিত অধিকাৰ।

অৱশ্যে পৰৱৰ্তী সময়ত নীট, জেইই, নেট আৰু অন্যান্যকে ধৰি কেইবাটাও পৰীক্ষা অনুষ্ঠিত কৰা দেশৰ এক শীৰ্ষ সংস্থা নেচনেল টেষ্টিং এজেঞ্চীয়ে প্ৰাৰ্থীসকলক হেডস্কাফ পিন্ধি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়া নিৰ্দেশনা প্ৰকাশ কৰিছিল।

কিন্তু সেই ক্ষেত্ৰত এইটো উল্লেখ কৰিছিল যে প্ৰাৰ্থী সকলে সেইবোৰ সঠিকভাৱে পৰীক্ষা কৰাৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা নিৰ্দিষ্ট সময়ৰ দুঘণ্টা আগতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। অন্যথা তেনে পোছাক পৰিধান কৰি গ’লে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব।

Leave a Comment