একাধিক কেন্দ্ৰীয় মন্ত্ৰীক লৈ পাকিস্তান সীমান্তৰ ৰাজপথত নামিল বায়ুসেনাৰ যুদ্ধ বিমান…

নিউজ ডেস্ক। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক সংযোজন। এতিয়াৰে পৰা ৰাজপথত অৱতৰণ কৰিব বিমান।

বৃহস্পতিবাৰে ভাৰতে পুনৰ এবাৰ নিজৰ নিৰাপত্তাৰ সম্ভাৱনা প্ৰদৰ্শন কৰে। পাকিস্তান সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত থকা বাৰ্মাৰত বিমান অৱতৰণ কৰা পথ উদ্বোধন কৰা হয়।

৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাজপথত জৰুৰীকালীনভাৱে কৰিব পাৰিব বিমান অৱতৰণ। উদ্বোধনী অনুষ্ঠানত যুঁজাৰু বিমান চুখই-৩০ আৰু জাগুয়াৰ অৱতৰণ কৰা হয়।

E-1-Xa2z-VQAAtw-Xj

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।

ইয়াৰোপৰি প্ৰতিৰক্ষা বিভাগৰ প্ৰধান বিপিন ৰাৱাট আৰু এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভাদাউৰিয়াও অনুষ্ঠানটোত উপস্থিত আছিল।

E-1-IBa-DVIAQVLJY

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এয়াৰ ষ্ট্ৰিপটো নিৰাপত্তাজনিত দিশত গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰে। তেওঁ কয়, “আপোনালোকে নিশ্চয় ট্ৰেক্টৰ, গৰুগাড়ী ৰাস্তাত চলাচল কৰা দেখিছে। কিন্তু এতিয়াৰ পৰা আপোনালোকে বিমান ৰাস্তাত অৱতৰণ কৰা দেখিব। আন্তৰ্জাতিক সীমান্তৰ পৰা অলপ দূৰত এনেধৰণৰ পথ প্ৰস্তুত কৰাটোৱে প্ৰমাণ কৰে যে আমি নিজকে সুৰক্ষিত কৰিবলৈ সাজু আৰু সক্ষম। আমি এখন শক্তিশালী ভাৰতৰ দিশে দ্ৰুতগতিত আগবাঢ়িছো।”

উল্লেখ্য যে এই পথৰ বিমানবন্দৰ নিৰ্মাণৰ বাবে ৩৩ কোটি টকা ব্যয় কৰা হৈছে।

প্ৰতিৰক্ষা আৰু পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত দেশত এনে ধৰণৰ প্ৰায় ১২ টা ঘাইপথ নিৰ্মাণ কৰা হৈছে।

E-1-IBZ-Vk-AI2mgk

বায়ু সেনাৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে বাৰ্মাৰ-জালোৰ জিলাৰ সীমান্তৱৰ্তী আগাদাৱাত এই জৰুৰীকালীন এয়াৰষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছে।

৩২.৯৫ কোটি টকা ব্যয়েৰে নিৰ্মিত ৰানৱেৰ দৈৰ্ঘ্য ৩ কিলোমিটাৰ আৰু প্ৰস্থ ৩৩ মিটাৰ।

ৰানৱেৰ দুয়োটা মূৰত পাৰ্কিং স্থান নিৰ্মাণ কৰা হৈছে। যাতে বিমান অৱতৰণৰ পিছত সেই স্থানত ৰখাব পৰা যায়। এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ভৱনো সেই স্থানত আছে।

Leave a Comment