এক্সন মুডত কুৰ্মী! নিৰ্মাণৰত থানা ভৱনৰ বিসংগতিৰ অভিযোগত বন্ধ কৰি দিলে নিৰ্মাণকাৰ্য…

নিউজ ডেস্কঃ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা মৰিয়নী আৰক্ষী থানাৰ নতুন ভৱনৰ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন সমষ্টিটোৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

নিৰ্মাণৰত থানা ভৱনৰ নিৰ্মাণৰ বিসংগতিৰ পিছতে বিধায়কগৰাকীয়ে বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য।

উল্লেখযোগ্য যে, ১৯৬২ চনতে স্থাপন হোৱা মৰিয়নি আৰক্ষী থানাৰ বৰ্তমানৰ ভৱন আৰু আৰক্ষীৰ আৱাস গৃহসমূহৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাৰ ফলত মৈত্রী আঁচনিৰ জৰিয়তে মৰিয়নি আৰক্ষী থানাৰ নতুন ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল।

শেহতীয়াকৈ কিছুদিন পূর্বে কোনেও গম নোপোৱাকৈ মৰিয়নি আৰক্ষী থানাৰ চৌহদৰ ভিতৰত নতুন ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়।

কিন্তু সেই সম্পর্কে কোনো অৱগত নোহোৱাৰ বিষয়ে জানিব পাৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে নির্মাণকার্য পৰিদৰ্শন কৰি তাত আসোঁৱাহ ধৰা পেলায়।

তাৰোপৰি চৰকাৰী নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক কুৰ্মীয়ে ভৱনটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে।

লক্ষণীয় যে, সেই সময়ত বিভাগীয় অভিযন্তা অথবা নির্মাণকাৰ্য্য চলাই থকা কোম্পানী পক্ষৰ কোনো অভিযন্তা উক্ত স্থানত নাছিল। দুজনমান পকা মিস্ত্ৰী আৰু যোগাৰীয়ে সমগ্র কাম কৰি আছিল। এই কাৰ্য্যত ক্ষুণ্ণ হৈ পৰে বিধায়ক কুৰ্মী।

গুৱাহাটীৰ জনৈক ফ্রন্টিয়াৰ কাৰ্প’ৰেচন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই ভৱনটোৰ নিৰ্মাণ চলাইছে।

ৰূপজ্যোতি কুর্মীয়ে নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াৰ লগতে নিৰ্মাণকাৰ্যৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে মৰিয়নি আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰা হ’ব বুলিও উল্লেখ কৰে।

বিভাগীয় অভিযন্তা অথবা ঠিকাদাৰী পক্ষৰ কোনো অভিযন্তা নোহোৱাকৈয়ে কেৱল পকী মিস্ত্ৰীয়ে কিদৰে নতুন ভৱনৰ কাম চলাই থাকিব পাৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। যাৰ পৰিপ্ৰেক্ষিতত ভৱনটোৰ নিৰ্মাণকাৰ্য্য নিম্নমানৰ হোৱাৰ আশংকাও ব্যক্ত কৰিছে বিধায়ক কুৰ্মীয়ে।

এই সম্পর্কত বিধায়ক কুৰ্মীয়ে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অভিযোগ দাখিল কৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

তাৰোপৰি ঠিকাদাৰি পক্ষই চৰকাৰী নিৰ্দেশ অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰি কয়- এই চৰকাৰী ভৱনটোৰ নিৰ্মাণৰ বিষয়ে সংশ্লিষ্ট কোনো অৱগত নহয় আনকি নিয়ম অনুযায়ী ভৱন নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা নহ’ল। আঁচনিৰ মুঠ ধনৰ পৰিমান অথবা নক্সাৰ বিষয়েও কোনো অরগত নোহোৱা বুলিও কুর্মীয়ে লগতে অভিযোগ উত্থাপন কৰে।

ঠিকাদাৰী পক্ষই মইমতালিৰে ভৱনটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা বুলি উল্লেখ কৰি বিধায়ক কুৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰে। আনহাতে, এই নিৰ্মাণৰ সৈতে জড়িত থকা সকলো লোকৰ বিৰুদ্ধেই মৰিয়নি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথাও তেওঁ উল্লেখ কৰে।