এজন যুৱকৰেই প্ৰেমত পৰিল দুই যমজ ভগ্নী! একেদিনাই বহিল বিয়াৰ মণ্ডপত…

নিউজ ডেস্কঃ এহাল যমজ ভগ্নী। নাম- ৰিংকী আৰু পিংকী। একে ৰং, একে ফুল, একে খাদ্য দুয়োজনেই ভাল পায়। মুঠতে দুয়োৰে অধিকাংশ পচন্দই একে।

গোটেই জীৱন কটাবলৈ একেজন পুৰুষকেই পচন্দও কৰিলে ৰিংকী-পিংকীয়ে।

একেজন যুৱকৰ সৈতে প্ৰথমে একেলগে প্ৰেমত পৰি অৱশেষত বিয়াৰ মণ্ডপত বহিল দুই যমজ ভগ্নী।

এনে এখন চৰ্চিত বিয়া সম্পন্ন হৈ গ’ল মহাৰাষ্ট্ৰৰ চোলাপুৰত। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এতিয়া দুই ভগ্নীৰ সৈতে এজন যুৱকৰ বিবাহৰ ভিডিঅ’।

জানিব পৰা মতে, মুম্বাইৰ এটা আইটি কোম্পানীত একেলগে কৰ্মৰত হৈ আছে ৰিংকী আৰু পিংকী। তেওঁলোকৰ পিতৃ জীয়াই থকা সময়তে এদিন পৰিচয় ঘটিছিল চোলাপুৰৰ আকলুজ গাঁৱৰ অতুল নামৰ যুৱকজনৰ সৈতে।

হঠাৎ এদিন ৰিংকী-পিংকীৰ পিতৃ অসুস্থ হৈ পৰাত অতুলেই তেওঁৰ বাহনেৰে ততাতৈয়াকৈ লৈ গৈছিল হাস্পতালত।

আৰু তেতিয়াই অতুলৰ মহানুভৱতা, আচৰণ, চৰিত্ৰ দেখি প্ৰেমত পৰিছিল দুই ভগ্নী।

আৰু অৱশেষত সেই প্ৰেমেই বিয়াৰ মোহৰ লগাই উপস্থিত হয় মণ্ডপত।

পৰিয়ালৰ সন্মতিত শেহতীয়াকৈ দৰা অতুলৰ ডিঙিত বৰমালা পিন্ধাই জীৱন সংগীৰূপে বাচি লয় পিংকী আৰু ৰিংকীয়ে।

এই বিশেষ বিয়াখনৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমতো চৰ্চাৰ কাৰণ হৈ পৰিছে।