এদিন ষ্টেচনত কুলীৰ কাম কৰিছিল, আজি হ’ল IAS বিষয়া!

কঠোৰ পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে না, নহয়, নোৱাৰো, নকৰিম আদি নঞৰ্থক শব্দবোৰ কেৱল মাথোঁ একো একোটা অভিধানিক শব্দৰ বাহিৰে আন একো নহয়।

লক্ষ্যত উপনীত হবলৈ সংকল্পবদ্ধ হ’লে লক্ষ্যৰ বাট প্ৰশস্ত হৈ পৰিবই।

বৰ্তমান সময়ত ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষাৰ্থীয়ে লাখ লাখ টকা খৰচ কৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰে।

কিন্তু কেৰেলাৰ শ্ৰীনাথ কে য়ে কেৱল মাথোঁ প্ৰবল ইচ্ছাশক্তি আৰু পৰিশ্ৰমৰ বলতেই আজি উজ্বলি উঠিল UPSC ৰ পৰীক্ষাত।

25

এৰ্নাকুলামৰ ৰালভে ৰেল ষ্টেচনত কুলীৰ কাম কৰা শ্ৰীনাথ আজি তেওঁৰ অধ্যাৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বাবে দেশবাসীৰ সন্মুখত চৰ্চিত হৈ পৰিছে।

UPSCত উত্তীৰ্ণ হোৱাৰ পূৰ্বে শ্ৰীনাথে কেৰালা লোক সেৱা আয়োগৰ (কেপিএছচি) পৰীক্ষাতো অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হৈছিল।

শ্ৰীনাথ মুন্নাৰৰ বাসিন্দা। লক্ষ্য তেওঁৰ বহু দূৰ হলেও পৰিয়ালৰ ভোৰণ পোষণৰ বাবে তেওঁ এৰ্নাকুলামত কুলী হিচাপে কাম কৰিবলগা হয়।

কিন্তু সময়ৰ লগে লগে তেওঁৰ সীমিত উপাৰ্জনৰ টকাৰে পৰিয়াল পোহপাল নিয়াত অসুবিধাৰ সন্মুখীন হোৱাত উপাৰ্জন বৃদ্ধিৰ বাটৰ সন্ধানত নামি পৰে শ্ৰীনাথ।

256

তেওঁ তেওঁৰ কণমানি কন্যাৰ ভৱিষ্যতৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাছিল। যাৰ বাবে তেওঁ ষ্টেচনৰ কঠোৰ পৰিশ্ৰমৰ মাজতেও ২০১৮ চনত অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু আৰ্থিক সংকট তেওঁৰ বাবে সেই সময়ত হৈ পৰিছিল এক তীব্ৰ প্ৰত্যাহ্বান।

শ্ৰীনাথে জানিছিল যে তেওঁ প্ৰশিক্ষণ কেন্দ্ৰৰ মাচুল পৰিশোধ কৰিব নোৱাৰিব। যাৰ বাবে তেওঁ কেপিএছচিৰ বাবে প্ৰস্তুতি চলোৱাৰ আন এক উপায় বিচাৰি লয়।

ৰে’ল ষ্টেচনত উপলব্ধ ফ্ৰী ৱাইফাই আৰু হাতৰ স্মাৰ্ট ফোনটোৰে তেওঁ আৰম্ভ কৰে নিজৰ প্ৰস্তুতি। ষ্টেচনত থকা সময়খিনিৰ সদব্যৱহাৰ কৰি তেওঁ প্ৰস্তুতি আৰম্ভ কৰে।

কিন্তু প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ব্যৰ্থ হয় শ্ৰীনাথ। কিন্তু পুনৰ ন উদ্যমেৰে প্ৰস্তুতি চলাই অৱতীৰ্ণ হয় পৰীক্ষাত। সেইবোৰো ব্যৰ্থ হয় শ্ৰীনাথ।

এবাৰ দুবাৰকৈ তেওঁ তিনিবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ব্যৰ্থ হোৱাৰ পিছতো শ্ৰীনাথে হেৰুৱায় পেলোৱা নাছিল মনোবল পুনৰ নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰি তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈ চতুৰ্থবাৰত লাভ কৰে ঈর্ষণীয় সফলতা।

আজি আইএএছ শ্ৰীনাথ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা হৈ পৰিছে। ষ্টেচনৰ কুলীৰ জীৱনৰ পৰা আইএএছ হোৱালৈ তেওঁৰ এই দীঘলীয়া যাত্ৰাত লাভ কৰা সফলতাৰ কাৰণেই হৈছে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবল।

পাৰিবাৰিক দায়িত্ব পালন কৰিও আজি সপোনক বাস্তৱ ৰূপ দিবলৈ সক্ষম হোৱা শ্ৰীনাথ কে দেশবাসীৰ বাবেই চৰ্চাৰ বিষয়।

লগতে চাওকঃ

DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ

Leave a Comment