এন্টাৰ্কটিকাত ৫৩ বছৰ পূৰ্বে হেৰুওৱা পাৰ্চ লাভ কৰিলে বতৰ বিজ্ঞানীয়ে!

নিউজ ডেস্ক। হেৰুওৱা বস্তু বিচাৰি পালে বা পুনৰ লাভ কৰিলে তাৰ অনুভৱ সদায় সুকীয়া হয়। ঠিক তেনেদৰে এইবাৰ পাঁচ দশক পূৰ্বে হেৰুওৱা সামগ্ৰী লাভ কৰি পুলকিত হল এজন ব্যক্তি।

লোকজনৰ নাম পল গ্ৰীচম। পেছাত তেওঁ আমেৰিকাৰ নৌ পৰিবহন বিভাগৰ বতৰ বিজ্ঞানী।

১৯৬৭ চনত কৰ্মসূত্ৰে তেওঁ আছিল এন্টাৰ্কটিকাত। তাত তেওঁ ৰছ দ্বীপত বিজ্ঞান কেন্দ্ৰ আৰু বিমানবন্দৰৰ বতৰৰ আগলি বতৰা প্ৰদান কৰোঁতা হিচাপে কৰ্তব্য সম্পাদন কৰিছিল। কিন্তু ১৩ মাহৰ পিছত যেতিয়া তেওঁ পুনৰ কেলিফৰ্নিয়ালৈ ঘূৰি আহে, তেতিয়া তেওঁৰ মনত পৰে যে তেওঁ নিজৰ মানি বেগটো কৰবাত এৰি থৈ আহিলে।

তেনেকৈয়ে পাৰ হৈ এতিয়া ৫৩ বছৰ অতিক্ৰম কৰিলে। কিন্তু হঠাতে তেওঁ লাভ কৰিলে পাঁচ দশক পূৰ্বে হেৰুওৱা নিজৰ মানি বেগটো। তেওঁক এইটো প্ৰদান কৰিলে ষ্টিফেন ডেকাট’ আৰু ব্ৰুচ মেকী নামৰ দুজন লোকে। ষ্টিফেন হৈছে এটা বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী। যিয়ে এন্টাৰ্কটিকাত বৰফৰ গৱেষণা কৰে। আৰু মেকী হৈছে আমেৰিকাৰ পূৰ্বৰ বায়ু সেনাৰ কৰ্মচাৰী আৰু বৰ্তমানৰ সেই সংস্থাৰ কৰ্মচাৰী।

জানিব পৰা মতে, সংস্থাৰ দুয়োজন কৰ্মচাৰীয়ে চাউডাৰ্ন মডাৰ্ণ নগৰৰ মেক মূৰ্দো ষ্টেচনৰ এটা ভৱনৰ লকাৰৰ তলত দুটা মানি বেগ উদ্ধাৰ কৰে। বেগটো লাভ কৰি খুলি চাই দেখে যে তাত পল গ্ৰীচমৰ ঠিকনা আছে। বেগটোত গ্ৰীচমৰ নৌ পৰিবহন বিভাগৰ পৰিচয় পত্ৰ, তেওঁৰ চালকৰ অনুজ্ঞা পত্ৰ, আয়কৰ দাখিলৰ পত্ৰ আদি লাভ কৰে।

সেই অনুসৰি মেকীয়ে বেগটোৰ গৰাকীৰ সন্দৰ্ভত তথ্য লাভৰ বাবে আমেৰিকাৰ নৌ পৰিবহন বতৰ বিজ্ঞান সেৱা সংস্থাৰ কাষ চাপে। সৌভাগ্যক্ৰমে সেই সংস্থাৰ সদস্য আছিল গ্ৰীচম। যিয়ে বেগৰ গৰাকীক লগ পোৱাত সহায় কৰিলে। আৰু সেই অনুসৰি ৫৩ বছৰ পিছত গ্ৰীচমে লাভ কৰিলে নিজৰ হেৰুওৱা মানি বেগটো। বৰ্তমান গ্ৰীচমৰ বয়স ৯১ বছৰ।

বেগটো লাভ কৰি গ্ৰীচমে কয়, “বেগটোৰ কথা মই পাহৰিছিলোৱেই। মোক এইটো ঘূৰাই দিয়াৰ বাবে দুয়োজনে যি পদক্ষেপ ললে মই গৌৰৱ অনুভৱ কৰিছো। মই অভিভূত।”

মেকীয়ে এই সন্দৰ্ভত কয় যে, “মই সেনা-বাহিনীৰ কৰ্মচাৰীক যথেষ্ট শ্ৰদ্ধা কৰো। ইয়াৰোপৰি এনে ধৰণৰ কামসমূহ কৰি মই ভালপাও। সেয়েহে এই কাম কৰিলো।”

Leave a Comment