এম্বুলেন্সৰ খুন্দাত অকালতে প্ৰাণ গ’ল সদ্য বিবাহিত যুৱকৰ…

নিউজ ডেস্ক। বিয়াৰ এবছৰ সম্পূৰ্ণ পাৰ নৌহওতেই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বঙাইগাঁও জিলাৰ কায়েথপাৰা গাঁৱৰ ২৭ বৰ্ষীয় মণি সূত্ৰধৰ নামৰ যুৱকজনে!

বুধবাৰে নিশা জিলাখনৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটী আৰু এম্বুলেন্সৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় মণি সূত্ৰধৰে।

জানিব পৰা মতে, মণি সূত্ৰধৰে নিশা আন দুজন বন্ধুৰ সৈতে এএছ ১৯কিউ ১৪৬৪ নম্বৰৰ স্কুটীৰে ধুবুৰী দিশৰ পৰা ঘৰলৈ গৈ আছিল।

সেই সময়তে একে দিশৰ পৰা অহা এএছ ০১এমচি ৩৩৯৪ নম্বৰৰ এখন মাৰুতি ইকো ভান এম্বলেন্সে তেওঁলোকৰ স্কুটীখনত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এম্বুলেন্সৰ খুন্দাত স্কুটী আৰোহী যুৱক তিনিজন ৰাজপথত উফৰি পৰে। যাৰ ফলত মণি সূত্ৰধৰৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে এই দুৰ্ঘটনাত আন দুজন স্কুটী আৰোহী ৰঞ্জন বৰ্মন আৰু বিকাশ বৰ্মন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰোণত্তৰ পৰীক্ষাৰ পিছত মণি সূত্ৰধৰৰ মৃতদেহৰ স্থানীয় শ্মসানত শেষকৃত্য সম্পন্ন কৰা হয়।

বিয়াৰ এবছৰ সম্পূৰ্ণ নৌহওতেই এনেদৰে চফল যুৱকজনৰ মৃত্যুত ভাগি পৰিছে তেওঁৰ পৰিয়াল আৰু পত্নী। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

পুত্ৰৰ জীৱন বচাবলৈ খালী হাতেৰেই নাহৰফুটুকীৰ সৈতে যুঁজ পিতৃৰ, কৰিলে প্ৰাণৰক্ষা

Leave a Comment