ওপজা দিনত চনু সুদক অনুৰাগীৰ শুভেচ্ছা, জন্মদিনত চনুৱে প্ৰকাশ কৰিলে এই ইচ্ছা…

নিউজ ডেস্ক। বলিউড অভিনেতা চনু সুদে ৩০ জুলাইত পালন কৰে তেওঁৰ ৪৮ সংখ্যক জন্মদিন।

চনু সুদ বলিউদৰ এনেকুৱা এজন তাৰকা, যিয়ে কেৱল নিজৰ অভিনয়ৰ যোগেদিয়েই নহয়, নিজৰ অসামান্য কামৰ জৰিয়তে জয় কৰিছে সকলোৰে অন্তৰ।

কোৰোনা মহামাৰীৰ সময়ত তেওঁ যেনেদৰে আনক সহায় কৰিছে, সেইয়াক যিমান কৃতজ্ঞতা জনালেও পৰ্যাপ্ত নহ’ব।

কোৰোনা কালত তেওঁ দৰিদ্ৰ তথা প্ৰব্ৰজিত শ্ৰমিক সকলক সহায় কৰাৰ বাবে তেওঁ সকলোতে দুখীয়াৰ ভগৱান হিচাপে পৰিচিত হৈ পৰে।

তেওঁ নিজৰ জন্মদিনটোতো আনকি আৰ্তজনক সহায়ৰ কথাহে কয়। সেয়েহে জন্মদিনত তেওঁ নিজৰ ইচ্ছা প্ৰকাশ কৰে সামাজিক মাধ্যমত।

সেই অনুসৰি তেওঁ চিকিৎসালয়ত বিনামূলীয়া ১০০০ খন বিচনা আৰু শিশুৰ বাবে শিক্ষাবৃত্তি প্ৰদানৰ কথা জানিবলৈ দিয়ে।

তেওঁ জন্মদিনত কয়, “মই ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষা বৃত্তি আৰু ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ সুবিধা উপলব্ধ কৰিব বিচাৰো।”

তেওঁ পূৰ্বতে কৈছিল যে, “মোৰ দেশৰ জনতাই মোক যিমান মৰম দিছে। তাৰ বাবে মই তেওঁলোকক অন্তৰৰ পৰা সুখী কৰিব বিচাৰো। জনসাধাৰণক সহায় কৰিবৰ বাবে মই যি অভিযান আৰম্ভ কৰিছিলো, সেইয়া কোনোবা এখন গাওঁ বা ৰাজ্যৰ বাবে সীমিত নহয়। সেইয়া সমগ্ৰ দেশৰ বাবেই। মই ইয়াক বহু দূৰলৈ লৈ যাবলৈ বিচাৰো।”

তেওঁ জন্মদিনৰ দিনা লগতে কয় যে, “মই অনাগত সময়ত এই দেশৰ সকলোৰে বাবে বিনামূলীয়া শিক্ষাৰ সুবিধা প্ৰদান কৰিব বিচাৰো। আজি বিভিন্ন ৰাজ্যৰ পৰা মোলৈ বহুতো ফোনকল আহে। কেৱল সেইয়াই নহয়। ৭-৮ জন মানুহে জন্মদিনত মোক লগ কৰিবলৈ মুম্বাইলৈ চাইকেল আৰু মটৰ চাইকেলেৰে আহিছে। জনতাৰ কাষ পাবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ এক মৌলিক পথ তৈয়াৰ কৰাটো অতিকে জৰুৰী। যাৰ জৰিয়তে তেওঁলোকৰ ওচৰলৈকে সহায় লৈ যাব পৰা যায়।”

উল্লেখ্য যে অভিনেতাজনৰ জন্মদিনত সামাজিক মাধ্যমত দেশৰ বহুতো নামী-দামী তাৰকা, বিশিষ্ট ব্যক্তি আৰু তেওঁৰ অনুৰাগীয়ে তেওঁক শুভেচ্ছা জনায়।

Leave a Comment