নিউজ ডেস্ক। ক’ভিড-১৯ নিগেটিভ হােৱাৰ পাছতাে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে লখিমপুৰৰ বাহাদুৰচুক নিবাসী কুকিল দত্ত (২৫) নামৰ যুৱকে।
চিকিৎসক-চিকিৎসা কৰ্মীৰ গাফিলতি তথা অবাঞ্ছিত ব্যৱহাৰৰ অভিযােগ তুলি ক’ভিড-১৯ত আক্ৰান্ত ভগ্নী পূবালী দত্তা (২১)ক সংকটজনক অৱস্থাতে ডিব্ৰুগড়ৰ পৰা সুদূৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিও প্ৰাণৰক্ষা কৰিব নােৱাৰিলে পৰিয়ালৰ লােকে।
মাত্ৰ কেইটামান ঘন্টাৰ ব্যৱধানতে নিঠুৰুৱা হ’ল দুৰ্ভগীয়া পিতৃ মাতৃ। এই ঘটনাই ৰাজ্যজুৰি সচেতন মহলক জােকাৰি গৈছে।
পুত্ৰ-জীয়ৰীৰ সৈতে চিকিৎসাধীন অৱস্থাত অতি ৰূঢ় ব্যৱহাৰ কৰা হৈছিল বুলি পৰিয়ালবৰ্গই অভিযোগ কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে বিষয়টো তদন্ত কৰিবলৈ এখন চাৰিজনীয়া তদন্ত কমিটী গঠন কৰিছে।
চিকিৎসা মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডাঃ ৰূপক গগৈক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া কমিটীখনত ই এন টি বিভাগৰ সহকাৰী অধ্যাপক মোহন মিলিক সদস্য সচিব, এনাস্থেচিয়া বিভাগৰ ডাঃ আলতাফ আহমেদ আৰু ফ’ৰেনছিক মেডিচিনৰ মুৰব্বী ডাঃ পুতুল মহন্তক সদস্য হিচাপে ৰখা হৈছে।
তদন্তত দোষী প্ৰামাণিত হোৱাসকলৰ বিৰুদ্ধে শআস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।
লগতে চাওকঃ