ক’ভিডােত্তৰ জটিলতাৰ বাবে শিক্ষয়িত্ৰী পূৰ্ণিমা হাজৰিকা পেগুৰ দেহাৱসান

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ঘটনা।

ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠাৰ পিছতে বিভিন্ন শাৰীৰিক জটিল অৱস্থাৰ বাবেও প্ৰাণ হেৰুৱাইছে বহু লােকে।

জানিব পৰা মতে, ক’ভিডােত্তৰ জটিলতাৰ বাবেই গোগামুখৰ ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী, পূৰ্ণিমা হাজৰিকাৰ পেগুৰ ৰবিবাৰে পুৱা মৃত্যু ঘটে।

কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিস্বাস ত্যাগ কৰে।

উল্লেখ্য, যোৱা ২৮ জুনত তেওঁ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল।

তাৰ পাছতে তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত আৰোগ্য লাভ কৰিছিল।

কিন্তু আৰোগ্য লাভ কৰাৰ পিছত ক’ভিডৰ আনুষংগিক লক্ষণসমূহে দেখা দিয়াত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।

সামাজিক অনুষ্ঠানেৰে জড়িত সৰবৰহী মহিলাগৰাকীৰ অকাল মৃত্যুত বৃহত্তৰ গোগামুখ অঞ্চলত শোকৰ ছাঁ পৰিছে।

অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠানে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Comment