ক’ভিড প্ৰতিষেধক নোলোৱাৰ বাবেই ফুটবল মেচ উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল ৰাষ্ট্ৰপতি!

নিউজ ডেস্ক। যি সময়ত কভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বৰ্তমানেও বহুতে অনিচ্ছা প্ৰকাশ কৰিছে বা নানা অভিযোগ কৰিছে। সেই সময়তে প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুৱালে এখন দেশৰ লোকে।

খােদ দেশখনৰ ৰাষ্ট্ৰপতিকেই প্ৰতিষেধক গ্ৰহণ নকৰাৰ বাবে প্ৰৱেশ কৰিবলৈ নিদিলে ষ্টেডিয়ামৰ ভিতৰত।

এই ঘটনা ব্ৰাজিলত। ব্ৰাজিলত ৰাষ্ট্ৰপতিকো কভিড নিয়ম অনুসৰণ কৰাৰ পৰা ৰেহাই দিয়া হোৱা নাই।

শেহতীয়া ঘটনাটো হ’ল চেণ্টোছ বনাম গ্ৰেমিঅ’ ফুটবল টুৰ্ণামেণ্ট। য’ত কভিড টিকাকৰণ নকৰাৰ বাবে ৰাষ্ট্ৰপতি জাইৰ বলচোনাৰোক কৰ্তৃপক্ষই খেলখন চাবলৈ অনুমতি দিয়া নাছিল। বিষয়াসকলে ৰাষ্ট্ৰপতিক প্ৰথমে কভিড টিকাকৰণ কৰিবলৈ কয় আৰু তাৰ পিছত পৰৱৰ্তী খেলখন চাব পাৰিব বুলি কয়।

মেট্ৰ’পোলছ নিউজ পৰ্টেলৰ ৱেবছাইটত প’ষ্ট কৰা এটা ভিডিঅ’ত ৰাষ্ট্ৰপতি বলচোনাৰোক কোৱা দেখা গৈছে যে, “মই কেৱল চেণ্টোছ গেম চাব বিচাৰিছিলো আৰু তেওঁ মোক কয় যে আপুনি টিকাকৰণ কৰিব লাগিব। তেনে কিয়?”

উল্লেখ্য যে কোৰোনা মহামাৰীৰ আৰম্ভণিৰ পিছত এইখন চেণ্টোছ বনাম গ্ৰেমিঅ ফুটবল টুৰ্ণামেণ্টৰ প্ৰথমখন খেল আছিল। কিন্তু ক্লাবটোৱে ইয়াক চাবলৈ নিৰ্দেশনা নিৰ্ধাৰণ কৰিছিল। ক্লাবটোৱে জোৰ দিছিল যে কেৱল সম্পূৰ্ণ টিকাকৰণ বা নিগেটিভ পিচিআৰ প্ৰতিবেদন থকা লোকসকলকহে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব।

ৰাষ্ট্ৰপতিয়ে কৰ্তৃপক্ষক কেইবাটাও অজুহাত দেখুওৱা স্বত্বেও তেওঁক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল।

বলচোনাৰোৱে দেওবাৰে সাংবাদিকক কয় যে ভেকছিনৰ শ্বট পোৱাসকলৰ তুলনাত তেওঁৰ অধিক এণ্টিবডী আছে।

তেওঁ এইটোও কয় যে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুততকৈ বহুত বেছি। তেওঁৰ কোৰোনাৰ আশংকা নাই।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি বলচোনাৰোৱে বৰ্তমান চাও পাওলোত বন্ধ পালন কৰি আছে।

বলচোনাৰোৱে কোৰোনা ভাইৰাছৰ ভেকছিনৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে আৰু টিকাকৰণ কৰা নাই। তেওঁ ২০২০ চনৰ জুলাইত কভিড পজিটিভ হৈছিল। তেওঁ কেইসপ্তাহমানৰ কোৱাৰেণ্টাইন হোৱাৰ পিছত কামলৈ উভতি আহিছিল।

Leave a Comment