ক’ভিড যােদ্ধা! গৰ্ভত ৫ মহীয়া সন্তান লৈ ৰাজপথত কৰ্তব্য সমাপন কৰিছে এগৰাকী ডিএছপিয়ে!

নিউজ ডেস্ক। দেশজুৰি কৰােনা ভাইৰাছৰ দ্বিতীয়টাে ঢৌৰ মাজতে কঠােৰ হৈছে আৰক্ষী-প্ৰশাসন। সকলাে ঠাইতে নাগৰিকে ক’ভিড প্ৰ’ট’কল মানি চলাটাে বাধ্যতামূলক কৰা হৈছে।

তেনে সময়তে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ এক দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

সামাজিক মাধ্যমত ভাইৰেল হােৱা ভিডিঅ’ত প্ৰকাশ পােৱা অনুসৰি, গৰ্ভৱতী মহিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ছত্তীশগড়ৰ ৰাজপথৰ জনতাক ক’ভিড প্ৰ’ট’কল তথা লকডাউন বিধি মানি চলিবলৈ হাতে-কামে নামি পৰিছে।

এই বিষয়াগৰাকীৰ নাম হৈছে শিল্পা চাহু। বিষয়া গৰাকীয়ে হাতত লাঠি লৈ বাস্তৰৰ দান্তেৱাডেৰ ৰাজপথত সকলোকে লকডাউন বিধি মানি ঘৰতে থাকিবলৈ জনাইছে আহ্বান।

ক’ভিড যোদ্ধা হিচাপে বিষয়া গৰাকীৰ এই কাৰ্যক এতিয়া সকলোৱে কৰিছে উচ্চ প্ৰশংসা। নিজৰ স্বাস্থ্যতকৈয়ো তেওঁ গুৰুত্ব প্ৰদান কৰিছে জনতাৰ।

এই সন্দৰ্ভত এটা দৃশ্য শ্বেয়াৰ কৰি অতিৰিক্ত পৰিবহন আয়ুক্ত দীপাংশু কাব্রাই কয়, “উপ আৰক্ষী আয়ুক্ত শিল্পা চাহুৱে প্ৰখৰ ৰদত জনতাৰ সেৱাৰ বাবে কৰা কাৰ্য সঁচাই প্ৰসংশনীয়। তেওঁ গৰ্ভৱতী অৱস্থাত পথত থিয় হৈ জনতাক সতৰ্ক কৰিছে।”

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এটা ভিডিঅ’ বাৰ্তাত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে সকলােকে সাম্প্ৰতিক পৰিস্থিতিত সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ অনুৰােধ জনাইছে।

লগতে চাওকঃ

ভাগ কােৰোনা ভাগ! কোৰোনা খেদিবলৈ হাতত ভোটা লৈ গাঁওবাসীৰ দৌৰ, ভিডিঅ’ ভাইৰেল

Leave a Comment