ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

নিউজ ডেস্ক। ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেতা তথা দুখীয়াৰ ভগৱান হিচাপে জনপ্ৰিয় চনু সুদ।

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা শনিবাৰে দুপৰীয়া ঘােষণা কৰে অভিনেতাগৰাকীয়ে।

টুইটাৰত তেওঁ উল্লেখ কৰে ”পৰীক্ষাত মই ক’ভিড-১৯ পজিটিভ হওঁ। সেয়ে সকলাে সাৱধানতা অৱলম্বন কৰি মই কােৱাৰেন্টাইনত আছােঁ আৰু নিজৰ স্বাস্থ্যৰ যতন লৈছােঁ। চিন্তাৰ কােনাে কাৰণ নাই। এতিয়া মই আপােনালােকৰ বাবে অধিক সময় দিব পাৰিম। মই আপােনাৰ কাষত সদায় আছােঁ।”

উল্লেখ্য যে দেশজুৰি ক’ভিড-১৯ৰ বাবে বিগত বছৰে বলৱৎ হােৱা তলাবন্ধৰ সময়ত অভাৱনীয় বিপদত পৰিছিল দেশৰ লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক।

নিজৰ কৰ্মসংস্থান এৰি স্বগৃহলৈ যাত্ৰা কৰিছিল লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে।

সেই সময়ত চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত সহায় লাভ নকৰা লাখ লাখ শ্ৰমিকৰ বাবে ভগৱান স্বৰূপ হৈ পৰিছিল অভিনেতা চনু সুদ।

প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিনামূলীয়াকৈ বাছ, ৰে’ল আৰু বিমানযাত্ৰাৰ ব্যৱস্থাৰ লগতে বিভিন্ন ধৰণে সহায় আগবঢ়াইছিল চনু সুদে।

ইপিনে, দেশজুৰি অব্যাহত থকা ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৰ মাজতেও আৰ্তজনলৈ সহায়ত আগবঢ়াইছে অভিনেতাগৰাকীয়ে।

অৱশ্যে, পৰিস্থিতিৰ জটিলতাৰ বাবে ইচ্ছা কৰিও পৰ্যাপ্ত ধৰণে সহায় প্ৰদানত সফল হ’ব পৰা নাই অভিনেতাগৰাকীয়ে। সামাজিক মাধ্যমত নিজৰ এনে অৱস্থাৰ কথা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে।

লগতে চাওকঃ

১੦੦ কিলাে ওজনৰ অসুস্থ কাছই বিচৰণ কৰিছে স্কেট ব’ৰ্ডত! ভিডিঅ’ ভাইৰেল

Leave a Comment