নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ চিকিৎসাধীন বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা।
জানিব পৰা মতে, তেওঁৰ হাওঁফাওঁত ক’ভিডৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে।
তেওঁ গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালৰ ICU ত চিকিত্সাধীন।
তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে আত্মীয়ৰ লগতে শুভাকাংক্ষীবৃন্দ।