কাক ভাল পাইছে, তেওঁৰ পৰিচয় কি আদি নজনাকৈয়ে যুৱতী-কিশোৰীক প্ৰেমত নপৰিবলৈ আহ্বান আঙুৰলতা ডেকাৰ

নিউজ ডেস্কঃ বৰ্ধ্বিত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মহিলাসকলেই মূল দায়িত্ব গ্ৰহণ কৰিব লাগিব। সমগ্ৰ বিশ্বজুৰি হোৱা জনসংখ্যা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই।

বৰ্ধ্বিত জনসংখ্যা নিয়্ন্ত্ৰণৰ ক্ষেত্ৰত মহিলাসকলে আগভাগ লৈ সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মত আগবঢ়াই বিজেপি নেত্ৰীগৰাকীয়ে কয় যে মহিলাসকল কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ নহয়।

এতিয়াও বহু ঠাইত মহিলাসকলক কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰি আঙুৰলতা ডেকাই কয় যে প্ৰত্যেকজনী মহিলাই নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেপাচিটী অনুসৰি সন্তান জন্ম দিয়া উচিত। মহিলাসকলৰ মাজত সন্তান জন্ম দিয়াক লৈ সজাগতা সৃষ্টিৰ বাবে বিজেপিৰ মহিলা মৰ্চাই পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে আঙুৰলতা ডেকাই।

ইফালে প্ৰেমৰ নামত প্ৰতাৰণাৰ সন্মুখীন হোৱা যুৱতী-কিশোৰী সকলক উদ্দেশ্যি আঙুৰলতা ডেকাই কয় যে কোনো চিন্তা নকৰাকৈয়ে প্ৰেমত হাবুডুবু খাব নালাগে। তেওঁ কাক ভাল পায়, পৰিচয় কি, ক’ত বাস কৰে, কি কৰে আদিবোৰ নজনাকৈয়ে প্ৰেমত পৰাৰ বাবেই যুৱতী-কিশোৰীসকল প্ৰতাড়িত হয় আৰু আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলগীয়া হয়।

কিশোৰী সকলে যাতে প্ৰেমৰ নামত এনেধৰণৰ ভুল কৰি আত্মহত্যাৰ দৰে পথ বাচি ল’বলগীয়া নহয়, তাৰ বাবে সজাগতা সৃষ্টি কৰা উচিত বুলি মন্তব্য কৰে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই।