কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্ক। কাৰাবন্দী বৰ্ষাশ্ৰীৰ মুক্তিৰ চৰ্ত কি কি?

শেহতীয়াকৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তি দাবীৰে সামাজিক মাধ্যম উত্তাল হৈ থকাৰ মাজতে প্ৰথমবাৰলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে হােৱা বাৰ্তালাপৰ সময়ত সাংবাদিকে এই বিষয়ে সােধা প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম স্পষ্ট কৰি দিয়ে যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে দেশত আইন-কানুন কেনেকৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উভতাই প্ৰশ্ন কৰে।

তেওঁ লগতে কয় যে একাংশই বৰ্ষাশ্ৰীক লৈ ভুল প্ৰচাৰ চলাই আহিছে। কবিতা লিখাত কোনো আপত্তি নাই, কিন্তু ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰিবলগা হৈছে।

কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰীগৰাকী আৰু তেওঁৰ অভিভাৱকে আলফালৈ নাযাওঁ বুলি দায়িত্ব ল’লে তেওঁক মুকলি কৰি দিয়া হ’ব।

তেওঁ প্ৰশ্নন কৰে যে যদি যুৱতীগৰাকীক এৰি দিয়াৰ পিছত কাইলৈ মানৱ বোমা হৈ আমাৰ ওপৰতে আক্ৰমণ চলায়, তাৰ বাবে কোন দায়ী হ’ব?

যদি আলফা স্বাধীনে ৪২ গৰাকী যুৱক-যুৱতীক শিৱিৰত বিহা মৃত্যুদণ্ডৰ দৰে বৰ্ষাশ্ৰীকো মৃত্যুদণ্ড বিহে, তেন্তে তাৰ দায়িত্ব কোনে মূৰ পাতি ল’ব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক তাত কোনো আপত্তি নাই। কিন্তু তেওঁক আলফালৈ যোৱাৰ পৰা বচাব লাগিব।

তেওঁ নিজৰ ছোৱালী বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা সামাজিক মাধ্যম।

লগতে চাওকঃ

কাৰাবন্দী বৰ্ষাশ্ৰীলৈ সকাহ সত্ৰ ন্যায়ালয়ৰ! পৰীক্ষাক লৈ দিলে এই নিৰ্দেশনা…