কোভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি লতা মংগেশকাৰ

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগীয়া হৈছে ভাৰতৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ।

জানিব পৰা মতে, মঙ্গলবাৰে তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শিল্পীগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁক হাস্পতালৰ আই চি ইউ কক্ষত চিকিৎসা চলাই থকা হৈছে।

FIz0-B7p-VQAAl-QXq

৯২ বছৰীয়া শিল্পীগৰাকী কোভিডি-১৯ৰ পিছত নিউমোনিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে। তাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাঃ প্ৰতীত সম্দানী আৰু আন চিকিৎসক দলৰ তত্বাৱধানত লতা মংগেশকাৰৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনৰ ১১ নৱেম্বৰতো জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হিন্দী সংগীত জগতৰ একছত্ৰী সম্ৰাজ্ঞী লতা মংগেশকাৰক ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল। তেওঁ ইতিমধ্যে ৩৬ টাতকৈও অধিক ভাৰতীয় ভাষাত গান ৰেকৰ্ড কৰিছে।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰক দাদাচাহেব ফাল্কে বঁটা আৰু ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা, লিজিয়ন অফ অনাৰৰ বিষয়া, লগতে অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে।

১৯৭৪ চনত গিনিজ বুক অৱ ৰেকৰ্ডছে তেওঁক ইতিহাসৰ আটাইতকৈ বেছি গীত ৰেকৰ্ড কৰা শিল্পী হিচাপে স্থান দিয়ে। খবৰ অনুসৰি তেওঁ ১৯৪৮ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত ২৫,০০০ তকৈও অধিক গানত কণ্ঠদান কৰিছিল।

Leave a Comment