কোৰোনাত আক্ৰান্ত হ’ল একে পৰিয়ালৰ ২১ জন! ৬ মহীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে আক্ৰান্ত সকলো

নিউজ ডেস্ক। দেশত বেয়াকৈ প্ৰভাৱ পেলাইছে কাল কোৰোনাই। চহৰৰ পৰা গাৱঁলৈকে গ্ৰাস কৰিছে এই মহামাৰী কোৰোনাই।

এইবাৰ পুনেৰ এখন গাঁৱত কোৰোনাই ললে ভয়ংকৰ ৰূপ। পুনেৰ মাণ্ডবাগান ফাৰাতা গাৱঁৰ একেটা পৰিয়ালৰ ২১ জন সদস্যৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ।

এই যুগ্ম পৰিয়ালত থকা ৬ মহীয়া কেঁচুৱাটোৰ পৰা ৮০ বছৰীয়া বৃদ্ধজনলৈকে হৈছে আক্ৰান্ত, যাৰ ফলত জিলা প্ৰশাসনে সেই ঘৰটোক ছীল কৰি দিছে।

খেতি কৰি জীৱন যাপন কৰা পৰিয়ালটোত আছে ১৩ জন পুৰুষ আৰু ১১ গৰাকী মহিলা। তাৰে তিনি জনক বাদ দি বাকী সকলৰ দেহত ধৰা পৰে কভিড পজিতিভ। ইয়াৰে বেছি সকলৰ দেহত দেখা পোৱা নাছিল কোনো কভিড লক্ষণ।

জানিব পৰা মতে, পৰিয়ালটোৰ এজন সদস্যৰ পৰাই বাকী সকলৰ দেহলৈ সংক্ৰমিত হয় এই ৰোগ। সেই অনুসৰি পৰিয়ালটোৰ অশোক জগটাপ নামৰ সদস্যজনে প্ৰতিদিনে বজাৰত তৰমুজ বিক্ৰী কৰিবলৈ যায়।

কিছুদিন পূৰ্বে তেওঁৰ দেহত লক্ষণ ধৰা পৰাত তেওঁ কভিড পৰীক্ষা কৰায় আৰু পৰীক্ষাত কভিড পজিতিভ ধৰা পৰে। তাৰ পিছত পৰিয়ালৰ বাকী সকলক পৰীক্ষা কৰোৱা হয়। আৰু ২০ জনৰ দেহত ধৰা পৰে ক’ভিড।

ক’ভিড পজিতিভ ধৰা পৰাৰ পিছত পৰিয়ালটোৰ ৬ জন বৃদ্ধক কভিড কেয়াৰ কেন্দ্ৰলৈ লৈ যোৱা হয়। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁলোকক চহৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু ঘৰৰ বাকী ১৫ গৰাকী আক্ৰান্তক হ’ম আইছলেচনত ৰখা হৈছিল।

লগতে চাওকঃ

হাতীয়ে এফালৰ পৰা ধ্বংস কৰিলে কলৰ বাগান, স্পৰ্শ নকৰিলে চৰাইৰ বাহ থকা গছজােপাক!

Leave a Comment