কৰুণ! হাস্পতালৰ চৌহদতে আধা ঘণ্টা ধৰি এম্বুলেন্সৰ ভিতৰত আবদ্ধ হৈ মৃত্যু দুৰ্ঘটনাত পতিত ব্যক্তিৰ…

নিউজ ডেস্ক। কথাতে কয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কােনে?

মৃত্যু কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনেও নাজানে।

কেৰেলাত সংঘটিত এটা ঘটনাই যেন প্ৰতীয়মান কৰিছে এই কথাকেই।

এজন দুৰ্ঘটনাত পতিত লোক সময়মতে চিকিৎসালয় পোৱাৰ পিছতো এম্বুলেন্সত আবদ্ধ হৈ পৰাৰ ফলতেই চিকিৎসা বিহীন ভাৱে মৃত্যু হোৱাৰ এটা খবৰ পোহৰলৈ আহিছে।

পথ দুৰ্ঘটনাত আহত লোকজন প্ৰায় আধা ঘণ্টা ধৰি এম্বুলেন্সৰ ভিতৰত আৱদ্ধ হৈ ৰৈছিল আৰু তেওঁক বাহিৰলৈ উলিওৱাত পলম হোৱাৰ বাবেই বিনা চিকিৎসাতে মৃত্যু ঘটে।

নিহত লোকজনক ফেৰোকেৰ ৬৬ বছৰীয়া কোৱামন বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা কোৱামনৰ সৈতে চিকিৎসালয়ত উপস্থিত হোৱা সময়তেই এম্বুলেন্সখনৰ যান্ত্ৰিক বিজুতি ঘটাত দুৱাৰখন জাম হৈ গৈছিল ফলত খুলিব পৰা নাছিল এম্বুলেন্স খনৰ দুৱাৰখন।

প্ৰায় আধা ঘণ্টাৰ পিছত দুৱাৰখন ভাঙি কোৱামনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে বহুত দেৰি হৈ গৈছিল , ফলত তেওঁ চিকিৎসা লাভ কৰাৰ আগতেই মৃত্যু মুখত পৰে।

সোমবাৰে দুপৰীয়া প্ৰায় ২ বজাত কোৱামনক পদপথত খোজকাঢ়ি গৈ থাকোঁতেই এখন স্কুটাৰে মহতিয়াই নিছিল।

তেওঁক প্ৰথমে সমীপৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক কোজিকোড় চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লগা হৈছিল।

কিন্তু চিকিৎসালয়ত উপস্থিত হােৱাৰ পিছতে প্ৰায় আধা ঘন্টা ধৰি এম্বুলেন্সৰ ভিতৰতে আবদ্ধ হৈ থকাৰ ফলত মৃত্যু ঘটে লােকজনৰ।