খহি পৰিল আন এক নক্ষত্ৰ! প্ৰখ্যাত কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ দেহাৱসান

নিউজ ডেস্ক। খহি পৰিল সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ!

অসংখ্য সংগীতপ্ৰেমীৰ বুকুত শূণ্যতাৰ ৰুণ তুলি চিৰবিদায় ল’লে বাংলা সংগীত জগতৰ পুৰোধা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰই।

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা ১২.০৫ বজাত দক্ষিণ কলকাতাৰ চেতনা অঞ্চলস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

জানিব পৰা মতে, নিশা তীব্ৰ শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰক ততাতৈয়াকৈ নিকটৱৰ্তী এখন হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

কণ্ঠশিল্পীগৰাকীৰ বিয়োগত মৰ্মাহত হৈ পৰিছে তেওঁৰ অগণন অনুৰাগীৰ লগতে সংগীত জগত।

উল্লেখ্য যে, বাংলাৰ লগতে ওড়িয়া, হিন্দী আদি বিভিন্ন ভাষাৰ ছবিত সুমধুৰ কণ্ঠ নগৰাইছিল নিৰ্মলা মিশ্ৰই।

কেইবাখনো অসমীয়া ছবিত তেওঁ কণ্ঠদান কৰিছিল কেইবাটাও সোণসেৰীয়া গীতত। যি গীতসমূহ আজিও চিৰ সেউজ হৈ আছে।

নিৰ্মলা মিশ্ৰই ‘ড০ বেজবৰুৱা’ ছবিখনৰ বাবে দ্বিপেন বৰুৱাৰ সৈতে একেলগে কণ্ঠ দিছিল ‘কি নাম দি মাতিম’ শীৰ্ষত গীতটোত।

একে সময়তে তেওঁ ‘ধৰ্মকাই’ বোলছবিত ‘সঁচাকে কোৱা কথাটি কোৱা’, ‘বৃষ্টি’ বোলছবিত ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আদি জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল।

প্ৰায় ১০ খন অসমীয়া ছবিৰ গীতত কণ্ঠদান কৰি অসমীয়া সংগীত প্ৰেমীৰ বাবেও এক পৰিচিত নাম হৈ পৰিছিল নিৰ্মলা মিশ্ৰ।

তেওঁ কণ্ঠদান কৰা সৰহসংখ্যক অসমীয়া গীতেই আজিও চিৰ সেউজ হৈ সকলোৰে মুখে মুখে বৈ আছে। এনে এগৰাকী প্ৰতিথযশা কণ্ঠশিল্পীৰ বিয়োগে মৰ্মাহত কৰিছে অসমীয়া সংগীত প্ৰেমীকো।

1 thought on “খহি পৰিল আন এক নক্ষত্ৰ! প্ৰখ্যাত কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ দেহাৱসান”

Comments are closed.