গাড়ীসহ পাহাৰৰ পৰা ৭੦੦ ফুট তললৈ পৰি মৃত্যু যুৱকৰ, ৰাইজৰ সহযােগত মৃতদেহ উদ্ধাৰ SDRF ৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত ফুৰিবলৈ শােকাৱহভাৱে মৃত্যু এজন যুৱকৰ।

দুৰ্ভাগ্যক্ৰমে উচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি মৃত্যু হােৱা যুৱকজন হৈছে ধেমাজী জিলাৰ জোনাইৰ হৰিশ দলে।

অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিনত মঙলবাৰে ফুৰিবলৈ গৈ পাহাৰৰ পৰা গাড়ীসহ তললৈ পৰি নিখোজ হৈ থকা জোনাইৰ হৰিশ দলে নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুধবাৰে দিনৰ প্ৰায় ১১বজাত।

জানিব পৰা মতে, মঙলবাৰে জোনাইৰ পাঁচজন যুৱকে অৰুণাচল প্ৰদেশৰ পশ্চিম জিলাৰ পাচিঘাটৰ পাংগিনলৈ ফুৰিবলৈ গৈছিল।

ইয়াৰে হৰিশ দলে নামৰ যুৱকজনে চিয়াং আৰু য়ামে নদীৰ সংগমস্থলীৰ কাষৰ ওখ পাহাৰৰ ভিউ পইণ্টত বলেন’ বাহনখন ষ্টাৰ্ট দিব ধৰোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীসহ যুৱকজন পাহাৰৰ তললৈ পৰি যায়।

লগে লগে স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও আন্ধাৰ নামি অহাত স্থগিত ৰাখে উদ্ধাৰ অভিযান।

ইফালে বুধবাৰে পুৱাৰে পৰা অৰুণাচল প্ৰদেশৰ সমীপৱৰ্তী গাঁৱৰ যুৱকৰ নেতৃত্বত জোনাইৰ অগ্নি নিৰ্বাপক বাহিনী, এছডিআৰএফ বাহিনীৰ লগতে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটৰ স্থানীয় ৰাইজৰ লগতে কেইবাটও জনগোষ্ঠীৰ লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই ঘটনাস্থলীৰ পৰা প্ৰায় সাতশ ফুট তলত য়ামি নদীৰ পাৰত উদ্ধাৰ কৰে হৰিশ দলেৰ মৃতদেহ।

Leave a Comment