গাড়ীৰ ক্ৰয়ৰ বিনিময়ত ডিলাৰৰ মহিলা কৰ্মচাৰীক ‘নৈশ যাপন’ৰ প্ৰস্তাৱ দিয়াৰ অভিযােগ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে! উভয় পক্ষৰে গােচৰ ৰুজু

নিউজ ডেস্ক। এক অবাঞ্ছিত ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ডিব্ৰুগড়ত।

পত্নীৰ সৈতে গাড়ীৰ কিনিবলৈ ডিব্ৰুগড়ৰ বিমল অটাে নামৰ প্ৰতিষ্ঠানলৈ যােৱা এগৰাকী জ্যেষ্ঠ চিকিৎসৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিছে প্ৰতিষ্ঠানটােৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে।

অভিযােগ অনুসৰি, গাড়ী ক্ৰয় কৰাৰ বিনিময়ত হেনো এই মহিলা কৰ্মচাৰীগৰাকীক এনিশাৰ বাবে ‘অফাৰ’ত বিচাৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ লিথিংগা লোথাই।

ইতিমধ্যে ভুক্তিভােগী মহিলা কৰ্মচাৰীগৰাকীয়ে চিকিৎসকজনৰৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গােচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, চিকিৎসকজনে ডিব্ৰুগড়ৰ বিমল অট’ নামৰ গাড়ী ডিলাৰৰ পৰা এখন বিলাসী বাহন ক্ৰয় কৰিছিল বৃহস্পতিবাৰে।

বাহন ক্ৰয় কৰাৰ সময়ত ডিলাৰৰ এগৰাকী মহিলা কৰ্মচাৰীক এই অশ্লীল প্রস্তাৱ দিয়ে চিকিৎসকগৰাকীয়ে।

বাহনখনৰ লগত অফাৰ হিচাপে অতিৰিক্ত কি কি পোৱা যাব বুলি সোধাৰ লগতে অফাৰ হিচাপে ছেলছ গার্লগৰাকীক এৰাতি তেওঁৰ লগত কটাবলৈ কৈছিল চিকিৎসকজনে।

ডিলাৰৰ আন কেইবাজনো কৰ্মচাৰীৰ উপস্থিতিতেই এই অশ্লীল প্রস্তাৱ দিছিল চিকিৎসকজনে।

ইতিমধ্যে চিকিৎসকজনক বিমল অট’ এজেঞ্চিৰ ডিলাৰৰ পৰা ওভতাই দিয়া হৈছে চেক।

এই ঘটনা সংক্রান্তত ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে ৫১৭/২২ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।

ইপিনে, এই সমগ্ৰ ঘটনাক এক পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা দিছে অভিযুক্ত চিকিৎসকগৰাকীয়ে।

ইয়াৰ লগতে অভিযােগকাৰী মহিলা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে চিকিৎসক ডাঃ লিথিংগা লোথাই।

দেওবাৰে এক সংবাদমেলৰ জৰিয়তে অভিযুক্ত চিকিৎসকজনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ স্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।

তেওঁ অভিযােগকৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিংৰ অভিযােগ উত্থাপন কৰাৰ লগতে সমগ্ৰ ঘটনাক মিছা আৰু উদ্দেশ্যপ্ৰাণােদিত বুলি দাবী কৰে।

চিকিৎসকগৰাকীয়ে অভিযােগ কৰা অনুসৰি, এয়াই প্ৰথম ঘটনা নহয়। ডিলাৰৰ কৰ্মচাৰীৰ এটা ‘গেং’ এই ঘটনাৰ সৈতে জড়িত আছে।

গাড়ী ক্ৰয় কৰিবলৈ যােৱা গ্ৰাহকক এনেদৰে মিছা অভিযােগ দি ব্লেকমেইলিং কৰা বুলি তেওঁ অভিযােগ কৰি আইনে এই সন্দৰ্ভত ন্যায় প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

লগতে চাওকঃ

আৰক্ষীৰ পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ আছিল মালিচ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিলম্বন আৰক্ষী বিষয়াক

শােকাৱহ! অন্য জিলাৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ…