গুৱাহাটী-কলকাতাৰ সৈতে বিমান সেৱাৰে সংযুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট

নিউজ ডেস্ক। কেন্দ্ৰীয় চৰকাৰৰ বিমান পৰিবহন মন্ত্ৰালয়ে ‘উড়ান’ আঁচনিৰ অধীনত ক্ষিপ্রতৰ কৰি তুলিছে দেশৰ বিমান পৰিবহন ব্যৱস্থা। সেই আঁচনি অনুসৰি দেশৰ পৰিত্যক্ত সকলোবোৰ বিমানবন্দৰ কাৰ্যক্ষম কৰি তোলা হৈছে।

এইবাৰ সেই আঁচনিৰ অন্তৰ্ভুক্ত হ’ল অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰ।

দেওবাৰে আঞ্চলিক বিমান সেৱা ‘ফ্লাইবিগে’ এখন বিমান অৱতৰণেৰে বিমানবন্দৰটোৰ পৰীক্ষণ সম্পন্ন কৰে। সেই পৰীক্ষণৰ পিছতেই সিদ্ধান্ত লোৱা হয় যে ২৪ মে’ সোমবাৰৰ পৰা ‘ফ্লাইবিগে’ আৰম্ভ কৰিব গুৱাহাটী-পাছিঘাট বিমান সেৱা।

ভাৰতীয় বিমান পৰিবহন প্ৰাধিকৰণে এই সেৱাৰ যোগেদি অঞ্চলটোৰ অৰ্থনীতিত গুৰুত্ব বহন কৰিব বুলি জানিবলৈ দিয়ে।

টুইটাৰ যোগে তেওঁলোকে কয়- “দেওবাৰে পাছিঘাট বিমানবন্দৰত ‘ফ্লাইবিগ’ এয়াৰলাইনছৰ এক পৰীক্ষণ সুকলমে সম্পন্ন হয়। এখন বিমান নিৰাপদে অৱতৰণ কৰে বিমানবন্দৰটোত। সেয়েহে ২৪ মে’ৰ পৰা বিমানবন্দৰটোত বিমান সেৱা আৰম্ভ হব। উড়ান আঁচনিৰ অধীনৰ এই পদক্ষেপে নিশ্চিতভাৱে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ ঘটাব।”

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই সন্দৰ্ভত টুইটাৰত কয়- “বিমান যাতায়তৰ ক্ষেত্ৰত ই এক প্ৰধান মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰব। উড়ান আঁচনিৰ অধীনত এই বিমান সেৱাৰ যোগেদি ‘ফ্লাইবিগ’ এয়ৰলাইনছে পাছিঘাটক গুৱাহাটীৰ সৈতে পোনপটীয়া যোগাযোগ ব্যৱস্থা আগবঢ়াব।”

ইষ্ট ছিয়াং জিলাৰ উপায়ুক্তই কয় যে, এতিয়াৰে পৰা পাছিঘাটৰ পৰা দুটা বিমান সেৱা আৰম্ভ হব। সেইয়া হল এলায়েঞ্চ এয়াৰ আৰু ফ্লাইবিগ। এলায়েঞ্চ এয়াৰে বাণিজ্যিক ক্ষেত্ৰত ২০১৮ চনৰ ১ মে’ৰ পৰা আৰম্ভ কৰিছিল বিমান সেৱা। আৰু এতিয়া উড়ান আঁচনিৰ অধীনত ফ্লাইবিগ এয়ৰলাইনছে গুৱাহাটী আৰু শ্বিলংলৈ আগবঢ়াব আঞ্চলিক বিমান সেৱা।

উল্লেখ্য যে উড়ান আঁচনিৰ অধীনত বিমান সেৱা প্ৰাধিকৰণে যোৱা ৮ মে’ত অসমৰ ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰৰ বিমান সেৱা আৰম্ভ কৰিছিল।

Leave a Comment