গুৱাহাটী বিমানবন্দৰত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা জব্দ কৰি পুৰস্কৃত CISF ৰ দুই জােৱান

নিউজ ডেস্ক। গুৱাহাটী বিমানবন্দৰত এজন যাত্ৰীৰ পৰা অতি কৌশলপূৰ্ণ ভাৱে লুকুৱাই অনা বৃহৎ পৰিমাণৰ মাৰ্কিন মুদ্ৰা জব্দ কৰি বিভাগীয়ভাৱে পুৰস্কৃত হ’ল কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ CISF ৰ দুই জােৱান।

G5

উল্লেখ্য যে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফললৈ বুলি যাত্ৰা কৰা আৰবাজুদ্দিন (২৫) নামৰ এজন যুৱকৰ সামগ্ৰীৰ তালাচী চলাই ক’লা ৰঙৰ মােনাত অতি কৌশলপূৰ্ণভাৱে লুকুৱাই অনা ৬৫.৭੦ লাখ টকা মূল্যৰ মাৰ্কিন ডলাৰ জব্দ কৰিছিল CISF ৰ উপ-পৰিদৰ্শক দলিপ কুমাৰ আৰু সহকাৰী উপ-পৰিদৰ্শক এছ কে সিঙে।

উল্লেখ্য যে উক্ত টকাখনি ১০:১০ বজাত এয়াৰ এছিয়াৰ বিমান নং আই৫-৭৮৩ ত ইম্ফল বিমানবন্দৰলৈ যাবৰ বাবে বিমানবন্দৰ লৈ আহিছিল আৰবাজুদ্দিন নামৰ যাত্ৰীজন।

পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে সোধা বিভিন্ন প্ৰশ্নৰ বিপৰীতে যাত্ৰীজনে সন্তোষজনক উত্তৰ দিয়া নাছিল।

এনে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা নিবলৈ তেওঁ কোনো নথি প্ৰস্তুত কৰা নাছিল। অৰ্থাৎ অবৈধভাৱে তেওঁ সেইসমূহ লগত নিয়া বুলি জানিব পৰা যায়।

ইয়াৰ পিছতেই চিআইএছএফ আৰু শুল্ক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত খবৰ দিয়া হয়।

এই সাফল্যৰ বাবে CISF ৰ উৰ্দ্ধতন কৰ্তৃপক্ষই সংশ্লিষ্ট জােৱান দুজনক নগদ ১੦-১০ হাজাৰ টকা প্ৰদান কৰি পুৰস্কৃত কৰে।

Leave a Comment